কণ্ঠশিল্পী, অধিবক্তা তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাগিন ঋষিৰাজ শৰ্মা আৰু নাই

ৰাজ্যৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মা আৰু নাই। যশস্বী সংগীত শিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মাৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটে।

দীৰ্ঘদিন ধৰি বৃক্কৰোগত আক্ৰান্ত হৈ আছিল শৰ্মা। বহুদিনীয়া চিকিৎসাৰ অন্তত বৃক্ক সংৰোপন কৰাৰ পিছত তেওঁ কিছু পৰিমাণে সুস্থও হৈছিল। শনিবাৰে হোটেল ৰেডিশ্বনত তেওঁ অনুষ্ঠানো পৰিৱেশন কৰিছিল।

কিন্তু হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৰাতিপুৱা ৭ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰোৱা হৈছিল।

ইয়াতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কণ্ঠশিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বুলি চিকিৎসকৰ সূত্ৰত প্ৰকাশ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *