ভাৰতৰ অধ্যক্ষতাৰ অধীনত জি-২০ সন্মিলন শনিবাৰৰ পৰা অনুষ্ঠিত হয়, যাৰ ভিতৰত জি-২০ সদস্য দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধান, আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকল উপস্থিত হয়। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবু প্ৰথমে উপস্থিত হয়হি ভাৰতত। চৰকাৰৰ দৃষ্টিভংগী হৈছে ভাৰতৰ চহকী ঐতিহ্য, সংস্কৃতি, আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰা, প্ৰতিনিধি দলক স্থানীয় সাংস্কৃতিক স্থানসমূহ পৰিদৰ্শন কৰি আঞ্চলিক সুস্বাদু খাদ্য পৰিবেশন কৰা হয়। উল্লেখ্য যে, প্ৰতিটো অঞ্চলক সামৰি সমগ্ৰ দেশতে জি-20 বৈঠকৰ আয়োজন কৰা হৈছিল।
ভাৰত চৰকাৰৰ জি-২০ অধ্যক্ষতাৰ লক্ষ্য হৈছে প্ৰতিখন বৈঠকৰ জৰিয়তে ভাৰতৰ সমৃদ্ধ ঐতিহ্য, সংস্কৃতি আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰা আৰু শীৰ্ষ সন্মিলনক আগবঢ়াই লৈ যোৱা, য’ত বিভিন্ন দেশৰ প্ৰতিনিধি দলসমূহে স্থানীয় সাংস্কৃতিক ঐতিহ্যসমূহ পৰিদৰ্শন কৰে আৰু বিবিধ আঞ্চলিক সুস্বাদু খাদ্যসমূহো উপভোগ কৰে।পৰম্পৰাগত লোক নৃত্যেৰে নৃত্যশিল্পীসকলে আদৰণি জনোৱাৰ সময়ত আইএমএফৰ পৰিচালন সঞ্চালিকা ক্ৰিষ্টালিনা জৰ্জিভা মুগ্ধ হৈছিল আৰু সম্বলপুৰী সুৰৰ স্পন্দনত নাচি উঠিছিল।
শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে টুইট কৰি কয় যে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ এমডি কে জৰ্জিভা জি-২০ সন্মিলনৰ বাবে ভাৰতত উপস্থিত হৈছেহি আৰু #Sambalpuri গীত আৰু নৃত্যৰে আদৰণি জনোৱা হয়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনক আৰু পত্নী অক্ষতা মূৰ্তিক বিহু নৃত্যৰে আদৰণি জনোৱা হয়। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য তথা ৰাজহুৱা বিতৰণ, বন-পৰিৱেশ, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই দুয়োকে আদৰণি জনাইছিল।