ওচাকাৰ পূৰ্বে স্পেইনৰ নম্বৰ-১ কাৰ্লোছ আলকাৰেজেও কৰিছিল নাম প্ৰত্যাহাৰ

দুবাৰৰ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন জাপানৰ নাওমি ওচাকাই দেওবাৰে বছৰটোৰ প্ৰথমখন গ্ৰেণ্ড শ্লেমৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। তেওঁ অষ্ট্ৰেলিয়ান অ’পেন আৰম্ভ হোৱাৰ এসপ্তাহ আগতে নাম প্ৰত্যাহাৰ কৰে। এই তথ্য অষ্ট্ৰেলিয়ান অ’পেনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত দিয়া হৈছে। জাপানী তাৰকাৰ প্ৰস্থানৰ কোনো কাৰণ দিয়া হোৱা নাই। যোৱা সপ্তাহত অকলেণ্ড ক্লাছিকত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত অভিজ্ঞ আমেৰিকান ভেনাস উইলিয়ামছো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।
ওচাকাৰ আগতে স্পেইনৰ নম্বৰ-১ কাৰ্লোছ আলকাৰেজেও প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে। তেওঁ আঘাতৰ কাৰণে নেখেলিবলৈ সিদ্ধান্ত লৈছিল। ওচাকা ২০১৯ আৰু ২০২১ চনত চেম্পিয়ন হৈছিল। পেটৰ বিষৰ বাবে ছেপ্টেম্বৰত টকিঅ’ত অনুষ্ঠিত এখন প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত ওচাকাই কোনো প্ৰতিযোগিতামূলক খেল খেলা নাই আৰু বিশ্ব ৰেংকিঙত ৪২ তম স্থানলৈ অৱনমিত হৈছে। উল্লেখ্য যে চাৰিবাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ীগৰাকীয়ে আগতে তেওঁৰ মানসিক স্বাস্থ্যৰ বিষয়ে কৈছিল। ফ্ৰেন্স অ’পেন আৰু ইউএছ অ’পেনৰ প্ৰথম ৰাউণ্ডত তেওঁ বাহিৰ হৈছিল। তেতিয়াৰ পৰা, তেওঁ শীৰ্ষ-১০ ৰ বাহিৰত আছে। আঘাতৰ বাবে ওচাকাই যোৱা বছৰ উইম্বলডনৰ অ’পেনা হেৰুৱাইছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *