এল আই চিয়ে এছ বি আইৰ ওচৰত ড্ৰাফ্ট ৰেড হেৰিং প্ৰস্পেক্টাছ দাখিল কৰিছে। ইয়াৰ অৰ্থ হৈছে যে এই বিত্তীয় বৰ্ষত এল আই চিৰ আই পি অ’ আহিব পাৰে। এতিয়া প্ৰশ্ন হৈছে, চৰকাৰে এল আই চিৰ কিমান অংশবিক্ৰী কৰিব আৰু ইয়াৰ পৰা কোনে ধন পাব, চৰকাৰে নে এল আই চিয়ে?
সোমবাৰে দেশৰ কেইবাখনো ৰাষ্ট্ৰীয় বাতৰি কাকত এল আই চি শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ আই পি অ’ৰ বাতৰি প্ৰকাশ পাইছে। এল আই চিয়ে দেওবাৰে ইয়াৰ আই পি অ’ শ্বেয়াৰ বজাৰলৈ অনাৰ বাবে মূলধন বজাৰ নিয়ন্ত্ৰক এছ বি আইৰ ওচৰত নথিপত্ৰৰ এখন খচৰা (ডি আৰ এইচ পি) দাখিল কৰিছে। খচৰা অনুসৰি, চৰকাৰে এল আই চিৰ ৩১.৬ কোটিতকৈও অধিক ইকুইটি শ্বেয়াৰ বিক্ৰী কৰিব। এল আই চিয়ে ৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰি প্ৰায় ৬৩,০০০ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে।