আদানী গ্ৰীন এনাৰ্জি লিমিটেড (এজিইএল) আৰু টোটেলএনাৰ্জিয়ে ১,০৫০ মেগাৱাট পৰ্টফলিঅ’ৰে টোটেলএনাৰ্জি আৰু এজিইএলৰ সমান মালিকানাধীন এক নতুন জেভি সৃষ্টিৰ বাবে বাইণ্ডিং এগ্ৰিমেণ্ট(বাধ্যতামূলক চুক্তি)ত স্বাক্ষৰ কৰিছে। এই পৰ্টফলিঅ’ত ইতিমধ্যে কাৰ্যক্ষম (৩০০ মেগাৱাট), নিৰ্মাণাধীন (৫০০ মেগাৱাট) আৰু উন্নয়নমূলক সম্পদ(২৫০ মেগাৱাট)ৰ মিশ্ৰণ অন্তৰ্ভুক্ত থাকিব আৰু দুয়োবিধ-সৌৰ তথা বায়ু শক্তিৰ মিশ্ৰণ থাকিব।
এজিইএলে জেভিলৈ সম্পদ আৰু টোটেল এনাৰ্জীক ৩০০ এম ইউ এছ ডলাৰৰ ইকুইটি বিনিয়োগ অৰিহণা যোগাব যিয়ে তেওঁলোকৰ উন্নয়নত আৰু অধিক সহায় কৰিব। টোটেলএনাৰ্জিয়ে এজিইএলৰ সৈতে নিজৰ কৌশলগত মিত্ৰতা শক্তিশালী কৰিব, ২০৩০ চনৰ ভিতৰত ৪৫ গিগাৱাট ক্ষমতাৰ লক্ষ্যৰে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতীয় অগ্ৰণী প্ৰতিষ্ঠান হোৱাৰ লক্ষ্য বান্ধি লৈছে। কিছুমান নিয়ন্ত্ৰণমূলক অনুমোদন লাভ কৰাকে ধৰি প্ৰথাগত বন্ধৰ চৰ্ত পূৰণৰ পিছত এই লেনদেন সম্পূৰ্ণ হ’ব।
এই বিষয়ে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে মন্তব্য কৰি কয় যে, “এই বিনিয়োগে ভাৰতৰ কাৰ্বন মুক্তকৰণৰ পথত এজিইএলৰ দ্বাৰা পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক অধিক শক্তিশালী কৰিব। ইয়াৰ দ্বাৰা ২০৩০ চনৰ ভিতৰত ৪৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা থকাৰ আমাৰ দৃষ্টিভংগী প্ৰদান কৰাত সহায়ক হ’ব।”