এক সফল মাল্টি-চিটী সজাগতা অভিযানৰ পিছত টাটা ট্ৰাষ্টে অসমত আগবঢ়াইছে ‘গাঁথ পে ধ্যান’

স্তন কেন্সাৰ আগতীয়াকৈ ধৰা পৰাৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ অভিযানক আগুৱাই লৈ গৈ টাটা ট্ৰাষ্টে আজি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন ( এচিচিএফ)- অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ পদক্ষেপ। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ (এচিচিএফ)ৰ এক গোট ডিব্ৰুগড় কেন্সাৰ চেণ্টাৰত যৌথভাৱে ব্যতিক্ৰমী ৰূপত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰে টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰে।

‘কেইছে কা কেন্সাৰ’ প্ৰয়াসৰ অংশ ‘গাঁথ পে ধ্যান’ অভিযানৰ উদ্দেশ্য হৈছে ‘লাম্পছ ইন ফুড”ৰ ৰূপক ব্যৱহাৰ কৰি সজাগতা বৃদ্ধি কৰা, মুকলি আলোচনাক উদগনি দিয়া আৰু স্তনৰ কৰ্কট ৰোগ সন্দৰ্ভত সামূহিক পদক্ষেপৰ প্ৰচাৰ কৰা। ‘গাঁথ পে ধ্যান’
হৈছে আগতীয়াকৈ স্তনৰ কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে স্তনৰ স্ব-পৰীক্ষা(চেল্ফ এক্সামিন)ৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে হাতত লোৱা এক পদক্ষেপ। ৰাঁচী কেন্সাৰ হাস্পতাল আৰু ৰিচাৰ্চ চেণ্টাৰত আৰম্ভ কৰা এই প্ৰয়াস কলকাতাৰ টাটা মেডিকেল চেণ্টাৰ আৰু তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ ইনষ্টিটিউট অৱ কেন্সাৰ কেয়াৰ এণ্ড এডভান্সড ৰিচাৰ্চত পৰিচালনা কৰা হৈছে।

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ এক ইউনিট ডিব্ৰুগড় কেন্সাৰ চেণ্টাৰত মাষ্টাৰচেফ ছিজন ৭ৰ ৰানাৰ্ছ আপ চেফ শান্ত শৰ্মাক জড়িত কৰি শুভাৰম্ভ কৰা হৈছে এই পদক্ষেপ। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডিব্ৰুগড় কেন্সাৰ চেণ্টাৰৰ চিকিৎসা সঞ্চালক আৰু ইউনিট হেড ডাঃ নৱজ্যোতি চৌধুৰীয়ে কয় যে, “এই পদক্ষেপে মহিলাসকলক পুংখানুপুংখভাৱে মাহেকীয়া স্ব-স্তন পৰীক্ষাৰ জৰিয়তে সক্ৰিয়ভাৱে নিজৰ স্তনস্বাস্থ্যৰ দায়িত্ব ল’বলৈ আহ্বান জনাইছে, ইয়াৰ পিছত স্তন কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নিয়মীয়া ক্লিনিকেল স্ক্ৰীণিং কৰাৰ আহ্বান জনোৱা হয়- যিয়ে মহিলাসকলৰ জীৱন ৰক্ষা কৰিব পাৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *