নিজৰ মাজত থকা বৈসম্য দূৰ কৰি একেলেগে বিজেপিক লোকসভা নিৰ্বাচনত পৰাভূত কৰাৰ লক্ষ্য বিৰোধীৰ।
পাটনাত ১৭টা বিৰোধী দলৰ বৈঠকত লোকসভা নিৰ্বাচনত বিৰোধীৰ ৰণনীতিৰ সিদ্ধান্ত লোৱাৰ বাবে প্ৰথমতে একেলগে যুঁজ দিয়াৰ সিদ্ধান্তত সকলোৱে একমত প্ৰকাশ কৰিছিল।
মতাদৰ্শগতভাৱে কংগ্ৰেছ, জেডি(ইউ), আৰজেডি, তৃণমূল, এনচিপি, পিডিপি, সকলোৱে নিজৰ সৰু সৰু মতানৈক্য একাষৰীয়া কৰি বিজেপি বিৰোধীতাত একত্ৰিত হ’ব বিচাৰে।
পাটনাত বিৰোধীৰ প্ৰথমখন বৈঠকত পৰৱৰ্তী বৈঠকৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।
অহা ১০ বা ১২ জুলাইত চিমলাত অনুষ্ঠিত হ’ব বিৰোধী দলৰ পৰৱৰ্তী বৈঠক।