এইবাৰ বিতৰ্কিত আইন প্ৰণয়ন কৰি হত্যাৰ অপৰাধী আৰজেডি নেতাক কাৰাবন্দীত্বৰ পৰা মুকলিৰ যো-জা বিহাৰ চৰকাৰৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

বিলকিছ বানোৰ ধৰ্ষণকাৰীৰ মুক্তিক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিতৰ্কিত আইন প্ৰণয়ন কৰি এইবাৰ বিহাৰ চৰকাৰে কাৰাগাৰৰ পৰা মুকলি কৰাৰ যো জা চলাইছে এজন গেংষ্টাৰক। সূত্ৰ অনুসৰি, যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা এজন গেংষ্টাৰ নেতাক শীঘ্ৰে মুকলি কৰি দিব নীতিশ কুমাৰ চৰকাৰে। স্বাভাৱিকতে বিহাৰৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লৈছে বিৰোধীয়ে।

ধাৰাবাহিক অভিযোগৰ সন্মুখীন হোৱা আৰজেডি নেতা আনন্দ মোহন সিঙক বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে মুকলি কৰি দিবলৈ সাজু হৈছে। ১৯৯৪ চনত এজন দলিত আই এ এছ বিষয়াক ৰাজহুৱাভাৱে জ্বলাই দিয়াৰ অপৰাধত দোষী সাব্যস্ত হৈছিল আনন্দ মোহন সিঙ। ২০০৭ চনত স্থানীয় আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পাছত পাটনা উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ড হ্ৰাস কৰি আৰজেডি নেতাগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তাৰ পিছৰে পৰা প্ৰায় ১৫ বছৰ কাৰাগাৰত বন্দী হৈ আছে আৰজেডি নেতাজন।

কিন্তু শেহতীয়াকৈ বিহাৰৰ আৰজেডি-জেডিইউৰ মিত্ৰজোঁটৰ চৰকাৰে সলনি কৰিছে জেল মুক্তিৰ নিয়ম। নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা চৰকাৰী বিষয়াক হত্যাৰ অভিযোগত অভিযুক্তসকলো এই ক্ষমাৰ অধীনলৈ আহিব। সেই আইন ব্যৱহাৰ কৰি জেলৰ পৰা মুকলি হ’ব আৰজেডিৰ গেংষ্টাৰ নেতা। বৰ্তমান তেওঁ পুত্ৰৰ বিবাহৰ বাবে পেৰ’লত আছে। এই গেংষ্টাৰ নেতাক মুকলি কৰি দিয়াৰ বাবে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিজেপিৰ অমিত মালৱিয়াই কয়, “নিতীশ কুমাৰে কেৱল ক্ষমতা দখল কৰিবলৈ বা দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ পুনৰ গেংষ্টাৰৰ সৈতে ঠাই দিবলৈ শিকিছে।”

বিতৰ্কিত আনন্দ মোহন সিং অৱশ্যে জেলৰ পৰা মুক্তি পোৱাৰ খবৰ পাই উল্লাসিত হৈ পৰিছে। তেওঁ কয়, “মই সোনকালে ৰাজনৈতিক জীৱনলৈ ঘূৰি আহিব বিচাৰো।” বিজেপিতো বহুত আছে, যিয়ে জানে মই কোনো ভুল কৰা নাই।” তেওঁৰ বক্তব্য, “দেশত বহু বিজেপি নেতা আছে, যিসকলে অপৰাধ সংঘটিত কৰাৰ পিছতো সম্পূৰ্ণ মুক্তি পায়, তেওঁলোকে জেললৈও যাব নালাগে।” আকৌ বহু গুৰুতৰ অপৰাধ সংঘটিত কৰি জেলৰ পৰা মুক্তি পালে।” এই পৰিপ্ৰেক্ষিতত তেওঁ গুজৰাটৰ বিলকিছ গোচৰৰ কথা স্মৰণ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *