এইচডিএফচি লাইফ স্মাৰ্ট পেন্সন প্লাছ

ভাৰতৰ অন্যতম আগশাৰীৰ লাইফ ইন্সুৰেন্স এইচডিএফচি লাইফে এইচডিএফচি লাইফ স্মাৰ্ট পেন্সন প্লাছ মুকলি কৰিছে। যি প্লেনে গ্ৰাহকসকলক অৱসৰৰ পিছত এক নিয়মীয়া আৰু নিশ্চিত উপাৰ্জনৰ ৰূপত, এক ‘দৰমহা’ৰ দৰে বিত্তীয় স্বতন্ত্ৰতা প্ৰাপ্ত কৰিবলৈ সক্ষম কৰে।

এইচডিএফচি লাইফ স্মাৰ্ট পেন্সন প্লাছ সেই সকল ব্যক্তিৰ বাবে প্ৰস্তুত কৰা হৈছে, যিসকলে তেওঁলোকৰ সোণালী বছৰত অৱসৰৰ পিছত তেওঁলোকৰ বৰ্তমানৰ জীৱনশৈলী অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ সময়ত নিজৰ বাবে এক বিত্তীয় সুৰক্ষাৰ বাবে সঞ্চয় কৰিব বিচাৰে। এই বাৰ্ষিক প্ৰডাক্টটোৱে গ্ৰাহকসকলক অৱসৰৰ পিছত তেওঁলোকৰ আকাংক্ষিত জীৱন যাপন কৰিবলৈ সক্ষম কৰিব পাৰে। প্ৰডাক্টটোৱে নিজৰ লগতে পত্নীক সাঙুৰিবলৈ প্ৰিমিয়াম পৰিশোধৰ ম্যাদ, পৰিশোধৰ সঘনতা আৰু তৎক্ষণাৎ বা কেইবছৰমানৰ পিছত উপাৰ্জন লোৱাৰ বিকল্প নিৰ্ধাৰণ কৰিবলৈ নমনীয়তা প্ৰদান কৰে। এইচডিএফচি লাইফ স্মাৰ্ট পেঞ্চন প্লাছ একাধিক প্ৰকাৰত উপলব্ধ কৰা হয় – এক তৰলতাৰ বিকল্পৰ সৈতে এনুইটি, মুদ্ৰাস্ফীতি পূৰণ কৰাৰ বাবে সৰল আৰু যৌগিক বৰ্ধিত এনুইটি আৰু নিজৰ জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ প্ৰিমিয়ামৰ আগতীয়া ৰিটাৰ্ণ।

এইচডিএফচি লাইফৰ প্ৰডাক্টছ এণ্ড চেগমেণ্টৰ মুৰব্বী অনীশ খান্নাই কয়, “এইচডিএফচি লাইফ স্মাৰ্ট পেন্সন প্লাছ হৈছে এক অনন্য এনুইটি প্লেন, যাক অৱসৰৰ পিছত জীৱনৰ বাবে নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে অনুকূলিত কৰিব পাৰি। এই পৰিকল্পনাই একাধিক বেচপোক গেৰাণ্টিযুক্ত উপাৰ্জনৰ বিকল্প প্ৰদান কৰে আৰু গ্ৰাহকসকলক তেওঁলোকৰ অৱসৰপ্ৰাপ্ত জীৱনৰ বাবে পৰ্যাপ্ত সঞ্চয় কৰিবলৈ সক্ষম কৰে। আমি বিশ্বাস কৰোঁ যে নিয়মীয়া প্ৰিমিয়াম পৰিশোধ কৰা আৰু যুটীয়া জীৱন আৱৰণ লোৱাৰ বিকল্পই আমাৰ দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশক তেওঁলোকৰ সোণালী বছৰৰ বাবে পৰিকল্পনা কৰিবলৈ আগতীয়াকৈ সক্ষম কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *