উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ- চাৰিবাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব

আইপিএল ২০২৩ কাইলৈ অৰ্থাৎ ৩১ মাৰ্চৰ আৰম্ভ হ’ব। এইবাৰ প্ৰতিযোগিতাখনৰ ১৬ তম ছিজন খেলা হ’ব। আই পি এলৰ অন্তিম ছিজনত আত্মপ্ৰকাশ কৰা গুজৰাট টাইটানছ বিজয়ী হৈছিল। হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে ইয়াৰ প্ৰথম ছিজনত সুন্দৰ প্ৰদৰ্শন কৰিছিল। আই পি এলৰ ষোল্লতম ছিজনৰ প্ৰথমখন খেল ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ আৰু চাৰিবাৰৰ আই পি এল খিতাপ বিজয়ী চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব। খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এতিয়ালৈকে চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত মুঠ দুখন খেল খেলা হৈছে। দুয়োখন খেল আই পি এল ২০২২ ত খেলা হৈছিল। এই দুয়োখন খেলতে গুজৰাটে চেন্নাইক পৰাস্ত কৰিছে। প্ৰথমখন খেলত গুজৰাটে চেন্নাইক ৩ উইকেটত পৰাস্ত কৰে, আনহাতে দ্বিতীয়খন মেচত গুজৰাট ৭ উইকেটত বিজয়ী হয়। দুয়োটা দলৰ মাজত প্ৰথমখন খেল পুনেত আৰু দ্বিতীয়খন মুম্বাইত খেলা হৈছিল। পুনেত খেলা প্ৰথমখন খেলত গুজৰাট টাইটানছৰ বেটছমেন ডেভিদ মিলাৰে ৮টা চাৰি আৰু ৬ টা ছয়ৰ সহায়ত ৫১ টা বলত অপৰাজিত ৯৪ ৰান সংগ্ৰহ কৰিছিল। এই সুন্দৰ ইনিংছৰ বাবে, তেওঁক ‘মেন অফ দ্য মেচ’ প্ৰদান কৰা হৈছিল। মুম্বাইত চিএছকেৰ বিৰুদ্ধে খেলা দ্বিতীয়খন খেলত গুজৰাট টাইটানছৰ উইকেটকিপাৰ বেটছমেন ঋদ্ধিমান সাহাই ৫৭ টা বলত ৮টা চাৰি আৰু ১টা ছয়েৰে অপৰাজিত ৬৭ ৰান সংগ্ৰহ কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *