উত্তৰ-পূব ভাৰতত উন্নত হৃদযন্ত্ৰ চিকিৎসাৰ কৌশল উপলব্ধ

গুৱাহাটীৰ স্বাগত চিকিৎসালয়ৰ মুখ্য ইণ্টাৰভেনচনেল হৃদৰোগ বিশেষজ্ঞ তথা HOD ডাঃ দীপাংকৰ দাসে উত্তৰ-পূৰ্বাঞ্চলৰ হৃদৰোগীসকলক অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত মানৰ আৰোগ্যৰ সুবিধাৰ সুযোগ ল’বলৈ আহ্বান জনাইছে। এঞ্জিঅ’প্লাষ্টি আৰু ষ্টেণ্ট স্থাপনৰ পিছত ধমনীবোৰ পুনৰ সংকুচিত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ ডাঃ দীপংকৰ দাসে দুটা অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগ আৰম্ভ কৰিছে, যাৰ নাম হৈছে : হাই ডেফিনিশ্বন-ইনট্ৰাভাস্কুলাৰ আলট্ৰাচাউণ্ড (HD-IVUS) আৰু ৰ’টাব্লেটৰ ৰ’টেচনেল এথেৰেক্টমী চিষ্টেম বা ৰ’টেবলেচন।

ডাঃ দাসে কয়, IVUSৰ সহায়ত আমি এটা ক’ৰ’নাৰী ধমনী ভিতৰৰ পৰা বাহিৰলৈ চাব পাৰো। এই বিশেষ এইচ ডি ভিউৱে আমাক জটিল-প্ৰয়োজনীয় তথ্য প্ৰদান কৰে যিবোৰ ৰুটিন ইমেজিং পদ্ধতিৰে সম্ভৱ নহয়। যেনে কেথ লেবত কৰা ক’ৰ’নাৰী এঞ্জিঅ’গ্ৰাফী বা নন-ইনভেছিভ চিটি স্কেন। ক’ৰ’নাৰী ধমনীৰ সহায়ত IVUS ব্যৱহাৰ কৰি এথেৰ’স্কলেৰ’টিক প্লেকৰ গাঁথনিগত বৈশিষ্ট্য আৰু ধমনীৰ আকাৰ নিৰ্ণয় কৰা হয় যাতে চিকিৎসকে কোনটো সঁজুলি বা যন্ত্ৰৰ সহায়ত উৎকৃষ্ট মানৰ চিকিৎসা প্ৰদান কৰিব পাৰে।বিশ্বজুৰি কৰা কেইবাটাও গৱেষণাত এইটোও প্ৰকাশ পাইছে যে IVUS-নিৰ্দেশিত প্ৰক্ৰিয়াবোৰ অধিক সঠিক আৰু অধিক ব্যয়সাপেক্ষ। HD-IVUS-এ শৰীৰৰ হৃদযন্ত্ৰৰ ব্লক চিনাক্ত কৰাত সহায় কৰে, সঠিক ষ্টেণ্টৰ আকাৰ নিৰ্বাচিত কৰে আৰু ষ্টেণ্ট লগোৱাৰ পিছত ইয়াৰ সঠিকভাৱে স্থাপন নিশ্চিত কৰে যাতে ৰোগীৰ ভৱিষ্যতে বিপদ কম হয়।

IVUSৰ লগতে ডাঃ দীপাংকৰ দাসে ৰ’টেবলেচনো কৰে। HD IVUSৰ গুৰুত্বৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ডাঃ দীপাংকৰ দাসে কয়, “এই ক্ৰছ ছেকচন দৰ্শনে চিকিৎসা পৰিকল্পনা আৰু ষ্টেণ্টৰ আকাৰৰ ওপৰত সঠিক সিদ্ধান্ত ল’বৰ বাবে অৱৰোধৰ প্ৰকৃতি বা প্লেকৰ গঠন বুজি উঠাত সহায় কৰে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ষ্টেণ্টৰ অনুকূল স্থান আৰু সম্প্ৰসাৰণ নিৰ্ণয় কৰাত আৰু অধিক সহায় কৰে, যাতে জটিলতা আৰু ষ্টেণ্ট থ্ৰম্ব’ছিছৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাত সহায়ক হয়।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *