ছেভ আৰ্থৰ সক্ৰিয় অংশগ্ৰহণকাৰী ইয়েছ ৱৰ্ল্ডে ধৰিত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলকীয় উষ্ণতা বৃদ্ধিৰ সংকটৰ সমাধান আগবঢ়াই, শক্তি সঞ্চয়ী খিৰিকী প্ৰস্তুত কৰিছে। ইয়েছ ৱৰ্ল্ডৰ আহ্বায়ক আৰু মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ চৌধুৰী এগৰাকী ছেভ আৰ্থ আন্দোলনৰ সক্ৰিয় কৰ্মী। পৰিৱেশ সংৰক্ষণৰ বাবে তেওঁ লোৱা বিভিন্ন পদক্ষেপ, এগৰাকী উদ্যোগী তথা সফল পথ প্ৰদৰ্শক আৰু ধৰিত্ৰী সুৰক্ষা কৰ্মী হিচাপে আগবঢ়োৱা চিন্তাশীল পদক্ষেপক চৰকাৰ আৰু আন কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে।ইয়েছ ৱৰ্ল্ডে আমাৰ পৃথিৱীখনক গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা কৰিবলৈ জলবায়ু প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰি আছে, যিটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু ইয়াক আমাৰ গ্ৰহটোৰ বাবে অস্তিত্বৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা হৈছে।
জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ইয়েছ ৱৰ্ল্ডে সময়ে সময়ে সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। সন্দীপ চৌধুৰী হৈছে জলবায়ু প্ৰযুক্তি ব্লকচেইন-আধাৰিত ষ্টাৰ্টআপ – ইয়েছ ৱৰ্ল্ডৰ এজন সক্ৰিয় প্ৰচাৰক আৰু তেওঁ পৃথিৱীখনক জলবায়ু পৰিবৰ্তনৰ সমস্যা সমূহৰ পৰা উদ্ধাৰ কৰিবলৈ বিশ্বৰ সৰ্ববৃহৎ অভিযানত নিযুক্ত হৈ আছে।ইয়েছ ৱৰ্ল্ড ক্লাইমেট টেক্ প্ৰাইভেট লিমিটেডে ঘৰ আৰু বাণিজ্যিক ভৱনসমূহত ব্যৱহাৰৰ বাবে বিশ্বৰ প্ৰথম শক্তি সঞ্চয়ী খিৰিকী মুকলি কৰিছে। শেহতীয়াভাৱে উন্মোচন কৰা বিশেষ গ্লাছেৰে নিৰ্মিত এই নতুন শ্ৰেণীৰ সামগ্ৰীবিধ হৈছে বায়ুমণ্ডলৰ পৰা কাৰ্বনৰ উপস্থিতি হ্ৰাস কৰিবলৈ কোম্পানীয়ে চলোৱা ছেভ আৰ্থ অভিযানৰ এক অংশ।
বিশেষভাৱে তৈয়াৰী এই কাঁচৰ সামগ্ৰীবিধত ডাবল পেন গ্লাছ আৰু চেণ্ডুইচ গ্লাছ অন্তৰ্ভুক্ত কৰা হৈছে, য’ত পেটেণ্টযুক্ত পদাৰ্থৰ এটা স্তৰ থাকে যিয়ে সৌৰ বিকিৰণ তাপৰ সৰহভাগ প্ৰতিফলিত কৰে। এই শক্তি সঞ্চয়ী কাঁচ হৈছে এক বিশেষ প্ৰকাৰৰ স্বচ্ছ খিৰিকী যিয়ে সৌৰ তাপক ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়ে আৰু এইচভিএচি লোডৰ ক্ষেত্ৰত শক্তিৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস কৰে।