ইমামিৰ নৱৰত্ন তেলেৰ অসম গায়ক নিলোৎপল বৰাৰ সৈতে অংশীদাৰীত্ব

ইমামি লিমিটেডৰ শীতল আয়ুৰ্বেদিক চিকিৎসা তেল নৱৰত্নৰ সৈতে এই বছৰ এপ্ৰিল আৰু মে’ মাহত সমগ্ৰ অসমত বহু-চহৰীয়া ‘বিহু যাত্ৰা’ৰ বাবে সহযোগী হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিলোৎপল বৰা। অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক উৎসৱ ৰঙালী বিহুত অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয় আৰু ইয়াৰ বৈশিষ্ট্য হৈছে উদ্দীপনাময় উদযাপন, সাংস্কৃতিক প্ৰদৰ্শন আৰু সামূহিক সমাৱেশ। এই উৎসৱৰ বতৰৰ উপলক্ষে অসমীয়া গায়ক নিলোৎপল বৰাই নৱৰত্ন তেলৰ সহযোগত গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, মাজুলী, শিৱসাগৰ, বগাইগাঁও, নগাঁও আৰু বহুতো স্থানকে ধৰি প্ৰায় ১৫ টা স্থানত বহু-চহৰীয়া অনুস্থান পৰিৱেশন কৰি আহিছে।

এই অংশীদাৰিত্বৰ সন্দৰ্ভত AVP– মাৰ্কেটিং, ইমামি লিমিটেডৰ কৌশিক বেদুলাই কয়, “আমি সকলোৱে জানো যে গ্ৰীষ্মকালৰ আগজাননী দিয়া ৰঙালী বিহু হৈছে অসমৰ সৰ্বশ্ৰেষ্ঠ উৎসৱ। সংগীত আৰু উৎসৱৰ এই সপ্তাহজোৰা উদযাপনৰ সমগ্ৰ দেশজুৰি বিখ্যাত। আমি বিচাৰো যে তেওঁলোকৰ উদযাপনৰ অংশ হিচাপে ব্যস্ততাপূৰ্ণ কাম-কাজেৰে ভৰা এটা দিনৰ শেষত অসমৰ ৰাইজে নৱৰত্ন কুল তেলক নিজৰ অংশ হিচাপে গণ্য কৰক। নৱৰত্ন কুল তেলে গৰমৰ ফলত হোৱা মানসিক চাপ, ভাগৰ, মূৰৰ বিষ আৰু টোপনি নোহোৱাৰ পৰা সকাহ আৰু শিথিলতা প্ৰদান কৰে। অসমৰ জনসাধাৰণে ইয়াক গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে গ্ৰীষ্মকালৰ সন্মুখীন হ’ব পাৰিব থাণ্ডা থাণ্ডা কুল কুল – মানসিক চাপমুক্ত উপায়েৰে। এই বাৰ্তাটো ফলপ্ৰসূভাৱে ভাৱে প্ৰেৰণ কৰাৰ লগতে এই উদযাপনৰ অংশ হ’বলৈ, নৱৰত্নই অসমৰ জনপ্ৰিয় সংগীত ৰচয়িতা আৰু গায়ক  নীলোৎপল বৰাৰ সৈতে বিহুউৎসৱৰ উদযাপনৰ বাবে সহযোগিতা কৰিছে। আমি আশা কৰোঁ যে নৱৰত্ন কুল তেলে অসমীয়া পৰিয়ালৰ লগতে আৰু আমাৰ দেশৰ উত্তৰ-পূব অঞ্চলৰ অন্যান্য প্ৰান্তটো স্থান পাব।”

‘থাণ্ডাথাণ্ডা কুল কুল’ ব্ৰেণ্ড নৱৰত্ন বহু দীৰ্ঘদিন ধৰি থেৰাপিউটিক কুলিং তেল ছেগমেণ্টৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু পছন্দৰ ব্ৰেণ্ড। এই তেলে সমগ্ৰ ভাৰতত ইয়াৰ সন্তুষ্টি আৰু ক্ৰমবৰ্ধিত উপভোক্তা আধাৰক বহুমুখী লাভালাভ প্ৰদান কৰে। নটা অনন্য আয়ুৰ্বেদিক বনৌষধিৰ সংমিশ্ৰণৰ পৰা নিখুঁতভাৱে প্ৰস্তুত কৰা, ইয়াৰ দৈনন্দিন মালিচে উপভোগ্য শীতলতা প্ৰদান কৰে যি দৈনন্দিন মানসিক আৰু শাৰীৰিক চাপ যেনে মুৰৰ বিষ, ভাগৰ, উত্তেজনা, অনিদ্ৰা ইত্যাদিৰ পৰা সকাহ দিয়ে। চুপাৰষ্টাৰ চলমান খানৰ সৈতে “জাদু কি চম্পি” (https://www.youtube.com/watch?v=IT20b5ej8v4 ) ৰ নতুন প্ৰচাৰৰ সৈতে, ব্ৰেণ্ডটোৱে এই গ্ৰীষ্মকালত ইয়াৰ গ্ৰাহকসকলৰ ওচৰত যাদুকৰী সকাহ আনিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *