ভাৰতৰ আগশাৰীৰ বহু ব্যৱসায়িক উদ্যোগ আইটিচি লিমিটেডে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষৰ স্মৃতিত এক বিশেষ ডাক ষ্টাম্প মুকলি কৰিছে। এই ডাকটিকটটোৱে শ্ৰীঅন্ন আৰু মিলেটৰ ওপৰত সজাগতা সৃষ্টিৰ দেশজোৰা প্ৰচেষ্টাক উদযাপন কৰে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগৰ মুখ্য ডাক মাষ্টা জেনেৰেল সুশ্ৰী মঞ্জু কুমাৰ আৰু আইটিচি লিমিটেডৰ কৃষি ব্যৱসায়ৰ গ্ৰুপ হেড এছ শিৱকুমাৰৰ উপস্থিতিত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে এই বিশেষ ডাকটিকটটো মুকলি কৰে।
ভাৰতবাসীক উন্নত খাদ্য গ্ৰহণত সহায় কৰিবলৈ আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চলি থকা মিলেট আন্দোলনৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আইটিচি। ডাক টিকট হৈছে সন্মান আৰু সাংস্কৃতিক মূল্যৰ প্ৰতীক। আইটিচি মিছন মিলেট ষ্টাম্পে শ্ৰী অন্নক উদযাপন কৰে আৰু মিলেট খেতি আৰু ব্যৱহাৰক সজাগ, শক্তিশালী আৰু উৎসাহিত কৰাৰ বাবে ভাৰতৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।
আইটিচি মিছন মিলেট ডাক টিকটে বহনক্ষম কৃষি আৰু মিলেট-আধাৰিত ব্যঞ্জন বা খাদ্যসমূহ সংযোগ কৰাত কৃষকৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত আইটিচিৰ কৃষি ব্যৱসায় বিভাগ, খাদ্য ব্যৱসায় বিভাগ আৰু আইটিচি হোটেলৰ মাজত সহযোগিতাৰে প্ৰস্তুত কৰা হৈছে, য’ত খেতিপথাৰৰ পৰা আইটিচিৰ খাদ্য উৎপাদন কাৰখানালৈ মিলেটৰ যাত্ৰা আৰু আইটিচি হোটেলৰ ৰান্ধনীৰ দ্বাৰা পুষ্টিকৰ ব্যঞ্জনত অন্তৰ্ভুক্তিলৈ প্ৰদৰ্শন কৰা হৈছে।