বিশ্বৰ শীৰ্ষ নম্বৰৰ ইগা চুয়াটেক আৰু উইম্বলডনৰ ৰানাৰ্ছ-আপ অন্স জাবুৰে প্ৰথমবাৰৰ বাবে ইউএছ অ’পেনৰ মহিলা একক ফাইনেলত প্ৰৱেশ কৰিছে। জাবুৰে বৃহস্পতিবাৰে নিশা তেওঁৰ সৰ্বশ্ৰেষ্ঠ টেনিছ প্ৰদৰ্শন কৰে আৰু সহজে কেৰোলিন গাৰ্চিয়াক ৬-১, ৬-৩ ছেটৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়খন গ্ৰেণ্ড শ্লেম ফাইনেলত উপনীত হয়। তেওঁ এই জয়ৰ পিছত কয়- এতিয়া মই বাস্তৱৰ ওচৰত আছোঁ। উইম্বলডনত ফাইনেলত উপনীত হোৱাৰ মই সপোন দেখি আছিলো আৰু এতিয়া বিশ্বাস কৰিব পৰা নাই যে মই ফাইনেলত উপনীত হৈছো। জাবুৰে এনেদৰে গৰ্ছিয়াৰ ১৩ খন খেলৰ বিজয়ৰ পথ ৰুদ্ধ কৰে। শনিবাৰৰ ফাইনেলত টিউনিচিয়ান খেলুৱৈগৰাকীয়ে চুয়াটেকৰ মুখামুখি হ’ব, যিয়ে ষষ্ঠ স্থানৰ আৰ্যনা চাবালেঙ্কাৰ হাতত প্ৰথমটো ছেট হেৰুৱাই ৩-৬, ৬-১, ৬-৪ ব্যৱধানত জয় লাভ কৰে। চুয়াটেক তৃতীয় ছেটত পিছ পৰি আছিল কিন্তু শেষৰ চাৰিখন খেলজিকি ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ যোৱা ২০ পইণ্টৰ ভিতৰত ১৬ পইণ্ট অৰ্জন কৰিছিল। চুয়াটেকে পূৰ্বে কেতিয়াও ইউএছ অ’পেনত চতুৰ্থ ৰাউণ্ডতকৈ আগবাঢ়িব পৰা নাছিল কিন্তু ২১ বছৰীয়া তাৰকাগৰাকীৰ নামত দুটা ফ্ৰেন্স অ’পেন খিতাপ আছে। উল্লেখ্য যে ১৯৬৮ চনত আৰম্ভ হোৱা পেছাদাৰী যুগত ইউএছ অ’পেনৰ ফাইনেলত উপনীত হোৱা ২৮ বছৰীয়া জাবুৰ হৈছে পঞ্চম স্থান প্ৰাপ্ত প্ৰথম আফ্ৰিকান।
ইউএছ অ’পেনৰ ফাইনেলত চুয়াটেকৰে মুখামুখি হ’ব অন্স জাবুৰ
