আলফা (স্বা)ৰে সম্পৰ্ক থকাৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মহিলাক আটক

ডিব্ৰুগড় আৰক্ষীৰ সৈতে ভাৰতীয় সেনাই অভিযান চলাই দেওবাৰে নিষিদ্ধ সশস্ত্ৰ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰন্ট অফ আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ সৈতে সন্দেহজনক সম্পৰ্ক থকাৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী মহিলাক আটক কৰে।

খবৰ অনুসৰি বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ ৰংঘৰ অডিটৰিয়ামৰ পৰা আটক কৰা হয় মহিলাগৰাকীক।

লগতে আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা ৩ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰে।

পুষ্পাঞ্জলি গগৈ নামৰ মহিলাগৰাকী তিনিচুকীয়া জিলাৰ লাইপুলীৰ নিবাসী বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে এম আই লাইফষ্টাইল নামৰ এটা মাৰ্কেটিং ফাৰ্মতো কাম কৰে।

অৱশ্যে এই সন্দৰ্ভত নিৰাপত্তা বাহিনী বা আৰক্ষীয়েও বিশেষ একো প্ৰকাশ কৰা নাই।

আনহাতে মহিলাগৰাকীয়ে নিষিদ্ধ ফৈদৰ সৈতে তেওঁৰ দাবী কৰা সম্পৰ্ক স্বীকাৰ কৰা নাই।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *