প্ৰাইম সদস্যসকলে ২০২৩ চনৰ ৮ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩-ৰ সময়চোৱাত এমাজ’ন.ইন-ত এটা অৰ্ডাৰ দি ১৫০০/- টকাৰ অনন্য অফাৰ আনলক কৰি ল’ব পাৰিব৷ কেৱল এইটোৱেই নহয়, যিসকল গ্ৰাহকে এমাজ’ন পে-ৰ জৰিয়তে পাঁচবাৰ ধনৰাশি পঠোৱা অথবা স্কেন এণ্ড পে লেনদেন সম্পন্ন কৰে, তেওঁলোকে ৫০০/- টকাৰ ৰোমাঞ্চকৰ অফাৰ আনলক কৰিব পাৰিব যিবোৰ উবেৰ, অ’লা, ছুইগি আৰু জ’মাটোৰ দৰে জনপ্ৰিয় এপসমূহৰ মাজেৰে ৰিডিম কৰি ল’ব পৰা যাব৷ এই উৎসৱৰ বজাৰ কৰাটো অতিৰিক্ত পুৰস্কাৰজনক কৰি তুলিবলৈ প্ৰাইম সদস্যসকলে এমাজ’ন পে আইচিআইচিআই ক্ৰেডিট কাৰ্ডৰ বাবে চাইন আপ কৰাৰ বাবে ২,৫০০/- টকা পৰ্যন্ত আদৰণি পুৰস্কাৰ লাভ হিচাপে কৰিব আৰু
এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলৰ সময়চোৱাত বজাৰ কৰাৰ সময়ত আপোনাৰ এচবিআই ক্ৰেডিট বা ডেবিট কাৰ্ডসমূহ ব্যৱহাৰ কৰি এটা লেনদেনত ৭,৫০০/- টকা পৰ্যন্ত তাৎক্ষণিক ৰেহাই [১০%] লাভ কৰক৷ প্ৰচলিত ৰেহাইসমূহৰ উপৰিও গ্ৰাহকসকলে অধিক পৰিমানৰ ধন খৰচ কৰিলে বোনাছ অফাৰসমূহৰ সুবিধা ল’ব পাৰিব৷ অতিৰিক্ত ৰাহি নিশ্চিত কৰিবলৈ গ্ৰাহকসকলে ইএমআইৰ সৈতে ধন পৰিশোধ কৰিবলৈ বাছি লোৱাৰ লগতে অধিক ইএমআই অৱধিৰ পথ বাচনি কৰি ল’লে আনকি অতিৰিক্ত বেংক ৰেহাইৰ সুবিধাওঁ লাভ কৰিব পাৰিব যাৰ ফলত তেওঁলোকৰ ক্ৰয় অধিকৰ পৰা অধিকতৰ সুলভ হৈ পৰে৷ অফাৰ চলি থকা অৱধিত একাধিকবাৰ বজাৰ কৰি গ্ৰাহকসকলে ৩৩,০০০/- টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব৷ এমাজ’ন পে-ৰ ‘ৰিৱাৰ্ড পেজ’-লৈ যাওক আৰু গেলামালৰ পৰা উপভোক্তা ইলেক্ট্ৰনিকচ্, ফেশ্বনৰ পৰা ঘৰুৱা সঁজুলিৰ লগতে আন কেইবাটাও ভিন ভিন শিতানলৈকে অফাৰসমূহ সংগ্ৰহ কৰি ৭,৫০০/- টকা পৰ্যন্ত কেচবেক সামৰি লওঁক যাতে আপোনাৰ বজাৰ কৰাৰ ধুমধাম হৈ পৰে আৰু অধিক পুৰস্কাৰজনক!গ্ৰাহকসকলে প্ৰতিবাৰেই এমাজ’ন এপ ব্যৱহাৰ কৰি ধনৰাশি পঠিওঁৱা, স্কেন এণ্ড পে কৰা, বিল বা অন্যান্য ইউটিলিটি পেমেণ্টসমূহ প্ৰেৰণ কৰাৰ সময়ত শীৰ্ষ ব্ৰেণ্ডসমূহৰ পৰা শ্বপিং পুৰস্কাৰসমূহ লাভ কৰিব পাৰে৷ এই অনন্য অফাৰসমূহ কেচবেকৰ বাবে সহজেই ৰিডিম কৰিব পৰিা যায়, যাৰ ফলত গ্ৰাহকসকলক তেওঁলোকৰ বজাৰ কৰাৰ অভিজ্ঞতাও উন্নীত কৰাৰ লগতে যথেষ্ট সঞ্চয় কৰিবলৈ সক্ষমতা প্ৰদান কৰে৷ এমাজ’ন এপ-ৰ জৰিয়তে যিমানেই বেছি লেনদেন কৰিব সিমানেই বেছি পুৰস্কাৰসমূহ আনলক কৰিবলৈ সক্ষম হ’ব৷ গতিকে, আপোনাৰ উপাৰ্জন কৰা কেছবেক আৰু সংগ্ৰহ কৰা অফাৰসমূহ পুৰস্কাৰ পৃষ্ঠাত চিহ্নিত কৰি ৰাখি এমাজ’ন পে-ৰ সৈতে এই উৎসৱমুখৰ বতৰত বৃহৎ ৰাহি কৰক! এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩-ৰ সময়চোৱাত এমাজ’ন পে আইচিআইচিআই ক্ৰেডিট কাৰ্ডৰ বাবে চাইন আপ কৰা সকলো নতুন গ্ৰাহক (প্ৰাইম সদস্য নহোৱা)-সকলে ২০০০/- টকা পৰ্যন্ত আদৰণি পুৰস্কাৰ লাভ কৰিব৷ ইয়াৰ উপৰিও যিসকলে এমাজ’ন পে লেটাৰৰ বাবে চাইন আপ কৰে তেওঁলোকে ৬০০/- টকাৰ পুৰস্কাৰৰ সৈতে ১ লাখ টকা পৰ্যন্ত তাৎক্ষণিক ক্ৰেডিট পাবলৈ সক্ষম হ’ব৷
এমাজ’ন পে আইচিআইচিআই ক্ৰেডিট কাৰ্ড হৈছে এটা উপহাৰ যিয়ে প্ৰাইম সদস্যসকলৰ বাবে সদায় অন চাইট-ৱাইড আনলিমিটেড ৫% কেছবেক আৰু নন-প্ৰাইম সদস্যসকলৰ বাবে ৩% কেচবেক দি থকাৰ বাহিৰেও গ্ৰাহকসকলে এমাজ’ন পে চেকআউট ব্যৱহাৰ কৰি সম্পন্ন কৰা নন-শ্বপিঙৰ পৰিশোধসমূহৰ ওপৰত ২% উপাৰ্জন কৰিব পাৰে৷ কেৱল এমাজ’ন পে ব্যৱহাৰকাৰীসকলৰ বাবে ইয়াতেই অন্ত নহয়! তেওঁলোক সকলোবোৰ অফলাইন পৰিশোধৰ ওপৰতো ১% উপভোগ কৰিব পাৰে! গতিকে, এতিয়াই সুবিধাটোৰ অভিজ্ঞতা লাভ কৰক!