আমাজন ইণ্ডিয়াই ৬২ লাখ এমএছএমই ডিজিটাইজ কৰাৰ লক্ষ্য ৰাখিছে ই-কমাৰ্চ ৰপ্তানি বৃদ্ধি কৰিছে

ভাৰতৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে ঘোষণা কৰা প্ৰতিশ্ৰুতিৰ আপডেট ভাগ-বতৰা কৰিলে আমাজন ইণ্ডিয়াই। আমাজনে শ্বেয়াৰ কৰিছে যে ই সঞ্চিতভাৱে ৬২ লাখ (৬.২ মিলিয়ন)তকৈ অধিক ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এম এছ এম ই) ডিজিটাইজ কৰিছে, প্ৰায় ৮ বিলিয়ন ডলাৰৰ সংগৃহীত ই-কমাৰ্চ ৰপ্তানি কৰিবলৈ সক্ষম কৰিছে। ভাৰতত আমাজনে এইপৰ্যন্ত ১৩ লাখ(১.৩ মিলিয়ন)তকৈ অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিছে। আমাজনে ২০২৫ চনৰ ভিতৰত ১ কোটি এমএছএমই ডিজিটেলাইজ কৰাৰ, ২০ বিলিয়ন ডলাৰৰ ই-কমাৰ্চ ৰপ্তানি আৰু ভাৰতত ২০ লাখ নিয়োগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে, যাৰ অগ্ৰগতি লাভ কৰা হৈছে।

প্ৰায় ৬.২ মিলিয়ন এমএছএমইক ডিজিটাইজ কৰিছে এমাজন ইণ্ডিয়াই, যাৰ জৰিয়তে এইসকল লোকক সৰলীকৃত পঞ্জীয়ন, বিক্ৰী অনুষ্ঠান পৰিকল্পনাকাৰী আৰু নতুন বিক্ৰেতা সফলতা কেন্দ্ৰৰ দৰে পদক্ষেপৰ জৰিয়তে গ্ৰাহকৰ ওচৰলৈ লৈ যাবলৈ শক্তিশালী কৰি তোলা হৈছে। গ্ল’বেল চেলিং কাৰ্যসূচীৰ জৰিয়তে ১.২৫ লাখ ভাৰতীয় ৰপ্তানিকৰ্তাই ই-কমাৰ্চৰ ৰপ্তানি ৮ বিলিয়ন ডলাৰ অতিক্ৰম কৰিবলৈ সক্ষম হোৱাৰ ক্ষণত আমাজনে ভাৰতত ১৩ মিলিয়ন কৰ্মসংস্থানৰ সৃষ্টি কৰিছে। যিয়ে তথ্য প্ৰযুক্তি, ই-কমাৰ্চ, লজিষ্টিক, উৎপাদন, সমল সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত জীৱিকাৰ সুযোগ লাভ কৰিছে।

এই বিষয়ে, আমাজনৰ ইণ্ডিয়া কনজিউমাৰ বিজনেছৰ কাণ্ট্ৰী মেনেজাৰ মনীষ তিৱাৰীয়ে কয় যে, ”আমি দৃঢ় বিশ্বাস কৰোঁ যে প্ৰযুক্তি আৰু মোবাইল ইণ্টাৰনেটে ভাৰতৰ অৰ্থনৈতিক বিকাশত ইতিবাচক প্ৰভাৱ অব্যাহত ৰাখিব। ইয়াৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে আমাজনে দেশৰ ডিজিটেল ৰূপান্তৰ আৰু আধুনিক তথা সমৃদ্ধিশালী ডিজিটেল অৰ্থনীতিত এক বৃহত্তৰ ভূমিকা পালন কৰি আছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *