আমাক আৰু ৫ বছৰ দিয়ক…! ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাই আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ…

সমাগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনক লৈ পূৰ্ণদ্যমে প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি।

বিজেপি শাসিত প্ৰায় প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় নেতা-মন্ত্ৰীয়ে এতিয়া ভিৰ কৰিছে ত্ৰিপুৰাত।

বৃহস্পতিবাৰে ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাই কেইবাখনো জনসভাত অংশ লয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

বিজেপিয়ে উন্নয়ন সম্ভৱ কৰিছে বুলি দাবী কৰি ৰাজনাথ সিঙে কয় যে ২০১৮ চনত ৰাজ্যখনত বিজেপি শাসনলৈ অহাৰ পিছত ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অভিকেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

পুনৰ ত্ৰিপুৰাত ৫ বছৰ শাসন বিচাৰি ৰাজনাথ সিঙে কয়, ‘আমাক পুনৰ ৫ বছৰ দিয়ক আৰু আমি ত্ৰিপুৰাক দেশৰ ভিতৰতে এক নম্বৰ উন্নত ৰাজ্য হিচাপে পৰিগণিত কৰাম।’

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *