আদালতৰ শাস্তি-বিতৰ্কৰ মাজতে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে মোডীক লৈ বিতৰ্কিত মন্তব্য কৰা ঠাইৰ পৰাই কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। ১০ মে’ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন। ৫ এপ্ৰিলত কোলাৰত সমদল উলিয়াই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব ৰাহুলে। ইয়াতেই ২০১৯ চনত ৰাহুলে কৈছিল, সকলো মোডী চোৰ। এই মন্তব্যৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ সাংসদ পদো বৰ্খাস্ত কৰা হয়।

কৰ্ণাটক নিৰ্বাচনৰ সঠিক তাৰিখ বুধবাৰে ঘোষণা কৰা হয়। তেতিয়া কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কয়, “কোলাৰৰ পৰা কংগ্ৰেছৰ হৈ ৰাহুল গান্ধীয়ে ৰেলী আৰম্ভ কৰিব।” আমি তেওঁক কোলাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছো। এইখিনিতে ৰাহুলৰ মন্তব্যক বিজেপিয়ে গৰিহণা দিছিল, সেইবাবেই কোলাৰৰ পৰাই ৰাহুলে যাত্ৰা আৰম্ভ কৰিব।”

২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাওঁতে ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি এক বিতৰ্কিত মন্তব্য কৰে। কোলাৰত অনুষ্ঠিত এখন সভাত তেওঁ ছন্দ মিলাই ক’লে, “নিৰৱ মোডী, ললিত মোডী, নৰেন্দ্ৰ মোডী। তেওঁলোকৰ প্ৰত্যেকৰে নামত মোডী কিয়? সকলো চোৰৰ নামত মোডী কিয়?” বিজেপিয়ে এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে।

গুজৰাটৰ এজন বিজেপি বিধায়কে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে। সেই গোচৰৰ বিচাৰ চাৰি বছৰ ধৰি চুৰাটৰ আদালতত চলি আছিল। অৱশেষত তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ঠিক পিছদিনা তেওঁৰ লোকসভাৰ আসনখন খাৰিজ কৰা হ’ল। কিন্তু ৰাহুলে ৰৈ নোযোৱাকৈ সেই কলাৰৰ পৰাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *