টোকেন হিচাপে কাম কৰিব।আদানি দিৱসত আদানি গ্ৰুপে ১৯৮৩ চনত ভাৰতৰ বিশ্বকাপ ক্ৰিকেট জয়ী দলটোৰ নায়কসকলৰ সৈতে সহযোগিতা কৰি ‘জীতেংগে হাম’ অভিযান আৰম্ভ কৰিছে। য’ত বহু প্ৰত্যাশিত আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে টীম ইণ্ডিয়াৰ প্ৰতি অটল সমৰ্থন প্ৰদৰ্শন কৰা হৈছে।
আদানি গ্ৰুপে ভাৰতৰ ৪০সংখ্যক বিজয় বাৰ্ষিকী উদযাপন কৰি বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ অপ্ৰতিৰোধ্য মনোভাৱক অনুপ্ৰাণিত কৰিছে। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিৰ নেতৃত্বত এই অভিযান আন্তৰিক শুভেচ্ছাৰে উজলি উঠিছে। ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ ক্ৰিকেট কিংবদন্তী আৰু উৎসাহী ক্ৰিকেট অনুৰাগীৰ সমৰ্থন এই অভিযানে প্ৰতিফলিত কৰিছে। এই অভিযানে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলক এক হিচাপে একত্ৰিত হ’বলৈ উৎসাহিত কৰিছে। টুইটাৰ আৰু ইনষ্টাগ্ৰামত #JeetengeHumৰ সৈতে টীম ইণ্ডিয়াক সমৰ্থন জনাইছে আৰু দলটোৰ মনোবল বৃদ্ধি কৰিছে।
এই বিষয়ে সদৰি কৰি আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে কয় যে, “ইতিহাসৰ পুনৰাবৃত্তি হোৱাৰ আশাৰে, #JeetengeHumৰ জৰিয়তে আগন্তুক বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলক শুভেচ্ছা জনোৱাৰ বাবে আমাৰ লগতে কিংবদন্তি খৈলুৱৈসকলৰ সৈতে যোগ দিয়ক”।১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৱে আন্তৰিক সমাৱেশেৰে আহমেদাবাদত আদানি দিৱস উদযাপন কৰে। দলটোৰ অধিনায়ক কপিল দেৱে গৌতম আদানীক দলটোৰ দ্বাৰা স্বাক্ষৰিত এখন বিশেষ বেট প্ৰদান কৰে, যিয়ে আগন্তুক ২০২৩ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এক প্ৰেৰণাদায়ক