আজৱ প্ৰেম কাহিনী! এইবাৰ প্ৰেমৰ খাতিৰত পাকিস্তান পালেগৈ দুই সন্তানৰ মাতৃ অঞ্জু…

প্ৰেমত ঘূৰিছে ভূমণ্ডল…! প্ৰেমৰ বাবে হেলাৰঙে পাৰ কৰিব পাৰি সকলো বাধা। প্ৰেমৰ টানৰ প্ৰতি সঁহাৰি জনাবলৈ স্বামী আৰু সন্তানক এৰি বিদেশলৈ যোৱাটোও ডাঙৰ কথা নহয়। কিছুদিন পূৰ্বে সীমা আৰু শচীনৰ প্ৰেম কাহিনীয়ে চচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছিল। আৰু এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দুত অঞ্জু। সীমা আৰু অঞ্জুৰ পাৰ্থক্য একেই। সীমা পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। আৰু প্ৰেমিকক বিচাৰি ভাৰতৰ পৰা পাকিস্তান পালেগৈ অঞ্জু।

ৰাজস্থানৰ ভিৱাড়ী জিলাৰ বাসিন্দা অঞ্জু। দুটা সন্তানৰ মাতৃ। ব্যক্তিগত কোম্পানী এটাৰ এজন কৰ্মচাৰী। স্বামী, সন্তান আৰু এজন ভাতৃৰ সৈতে ভাড়াঘৰত থাকে। কেইদিনমান আগতে স্বামীক কৈছিল যে তেওঁ জয়পুৰলৈ যাব। ঘৰৰ পৰাও ওলাই গ’ল। কিন্তু জয়পুৰ নহয়, পাকিস্তানহে পালেগৈ তেওঁ। কাৰণ তেওঁৰ প্ৰেমিক নছৰুল তাতেই আছে। ছচিয়েল মিডিয়াত তেওঁৰ সৈতে প্ৰথম কথা-বতৰা। ইয়াৰ পিছত বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ’ল সেয়া অঞ্জুৱেও নাজানিলে।

ইফালে সংবাদ মাধ্যমৰ সহায়ত অঞ্জুৰ স্বামী অৰবিন্দই গম পালে যে তেওঁৰ পত্নী জয়পুৰ নহয়, সাতাইশ বছৰীয়া এজন যুৱকৰ প্ৰেমত পৰি পাকিস্তানৰ উত্তৰ-পশ্চিমৰ খাইবাৰ পখতুনখোৱা অঞ্চলত উপস্থিত হৈছে। তাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অঞ্জুৰ স্বামীয়ে কয়, ২০২০ চনত অঞ্জুৱে পাছপ’ৰ্ট পাইছিল। কামৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সপোন দেখিছিল। অৱশ্যে অঞ্জুৰ স্বামীয়ে জানিলে যে তেওঁৰ পত্নীয়ে জয়পুৰলৈ গৈ প্ৰেমৰ টানৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানলৈ গৈছিল। লাহোৰ পোৱাৰ লগে লগে অঞ্জুৱে তেওঁক মাতিলে। তেওঁ আশা কৰে যে তেওঁৰ পত্নী পুনৰ তেওঁৰ ওচৰলৈ ঘূৰি আহিব। সম্প্ৰতি অঞ্জু আৰক্ষীৰ নিৰাপত্তাৰ অধীনত আছে। তেওঁৰ পৰিচয় পত্ৰৰ তদন্ত চলি আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *