আচগা – তেপানাইয়া কৃষি কোম্পানীৰ যুটীয়া অগৰ উদ্ভিদৰ বহুমুখী ইন’কলেশ্বন প্ৰকল্প

অগৰ ( সাঁচি) উদ্ভিদৰ অন্যতম অনুষ্ঠান সদৌ সাঁচি খেতিয়ক সংস্থা অসম চমুকৈ আচগা আৰু তেপানাইয়া কৃষি কৃষক ফেড উৎপাদক কোম্পানীৰ সৈতে যুটীয়াভাৱে বহুমুখী কৃত্ৰিম অগৰউড টিকাকৰণ প্ৰকল্প মুকলি কৰে। আগৰতলাত অনুষ্ঠিত আগৰ ইন’কলেশ্বন প্ৰকল্পৰ মুকলি অনুষ্ঠানত ত্ৰিপুৰা জিলাৰ বন বিভাগৰ বিষয়া নিৰজ কুমাৰ চাঞ্চন আৰু উপ-বন বিষয়া জোছপাল দেববৰ্মা আৰু কেইবাশ কৃষকৰ উপস্থিতিত ভানাডুৰ্গী আগৰউড ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া, কোম্পানীৰ পৰিচালনা সঞ্চালক আৰু আচগাৰ সাধাৰণ সম্পাদক তথা অধিবক্তা বিকাশ বৰাই অআনুষ্ঠানিকভাবে মুকলি কৰে এই প্ৰকল্প । টেপানিয়া পাৰ্ক প্ৰেক্ষাগৃহ গৃহত অনুষ্ঠিত অনুষ্ঠানত অঞ্চলটোৰ ১০০ তকৈও অধিক কৃষকে অংশগ্ৰহণ কৰে । উক্ত বৈঠকত ত্ৰিপুৰাবন বিভাগৰ চৰকাৰী বিষয়া নিৰজ কুমাৰ চাঞ্চন আৰু বন বিষয়া জোছপাল দেববৰ্মাই কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে আগৰউড কৃত্ৰিম টিকাকৰণৰ প্ৰাসংগিকতাৰ বিষয়ে মন্তব্য আগবঢ়াই ।
ভানাডুৰ্গী আগৰউড ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালকে টিকাকৰণ আৰু বৈজ্ঞানিক গৱেষণাৰ প্ৰক্ৰিয়াৰ বিভিন্ন প্ৰযুক্তিৰ বিষয়ে ব্যাখ্যা কৰে ।আচগাৰ প্ৰতিষ্ঠাপক তথা সাধাৰণ সম্পাদকে ত্ৰিপুৰাৰ শেহতীয়া আগৰউড নীতিৰ বিষয়ে উল্লেখ কৰাৰ লগতে আগৰউড খেতি আৰু বিপণনৰ সুযোগ আইনীভাৱে ল’বলৈ কৃষক সকলক আহ্বান জনায় । তেওঁ আশা প্ৰকাশ কৰে যে কেৱল কৃষকসকলৰ সক্ৰিয় অংশগ্ৰহনেৰে ত্ৰিপুৰা চৰকাৰৰ কৃষকসকলৰ ‘আগৰউডৰ অভিযান’ অৰ্থনৈতিকভাৱে অধিক লাভান্বিত হ’ব।
তেওঁ ৰাজ্যখনত নতুন আগৰউড নীতিৰ বাবে ত্ৰিপুৰা চৰকাৰক অভিনন্দন আৰু ধন্যবাদ জনাই। টিকাকৰণ, প্ৰক্ৰিয়াকৰণ প্ৰশিক্ষণ আৰু অন্যান্য সম্পৰ্কিত সমস্যাৰ ক্ষেত্ৰত আচগা আৰু ভানাডুৰ্গী দুয়োটাই পৰৱৰ্তী দিনত যুটীয়াভাৱে কৃষকৰ উপকাৰ হোৱাকৈ কাম কৰিব সদৰি কৰে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *