আকজো নবেল ইণ্ডিয়াই আৰম্ভ কৰিছে ভাৰতৰ প্ৰথম ৱাৰেণ্টি কাৰ্যসূচী ডুলাক্স এছ্যুৰেন্স™

ভাৰতীয় গ্ৰাহকসকলে ক্ৰয়ৰ প্ৰাথমিক কাৰক হিচাপে গুণগত মানদণ্ডক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে। প্ৰতি দুজন ভাৰতীয় গ্ৰাহকৰ ভিতৰত প্ৰায় এজন লোকে ইয়াক অগ্ৰাধিকাৰ দিয়ে। ডুলাক্সৰ শেহতীয়া গৱেষণাই দেখুৱাইছে যে ভাৰতীয় গ্ৰাহকসকলে ব্ৰেণ্ডটোক আস্থাত লয় আৰু মানুহৰ ঘৰবোৰ বছৰৰ পিছত বছৰ ধৰি ভাল দেখাবলৈ উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিব বিচাৰে।

আগশাৰীৰ পেইণ্ট আৰু কোটিং কোম্পানী আকজো নবেল ইণ্ডিয়া লিমিটেডে ২০২১ চনত ডুলাক্স এছ্যুৰেন্স আৰম্ভ কৰিছিল, যিয়ে ডুলাক্স পেইণ্টছৰ বাবে ৩ মাহৰ ৱাৰেণ্টী কাৰ্যসূচী আগবঢ়ায়। এই সামগ্ৰিক বিস্তৃত কাৰ্যসূচীয়ে ভাৰতীয় গ্ৰাহকৰ প্ৰত্যাশা পূৰণ কৰাৰ লক্ষ্যৰে নিৰ্বাচিত সামগ্ৰীৰ ওপৰত নিখুঁত ৰং, সমাপ্তি আৰু আৱৰণ সুনিশ্চিত কৰে। ভাৰতত আকজো নবেলৰ প্ৰথম ৱাৰেণ্টি কাৰ্যসূচী হিচাপে ডুলাক্স এছ্যুৰেন্স টিএমে “প্ৰতিটো ষ্ট্ৰকত বিশ্বাসৰ প্ৰলেপ” প্ৰদান কৰে। এই বিষয়ে আকজো নবেল ইণ্ডিয়াৰ পৰিচালনা সঞ্চালক ৰাজীৱ ৰাজগোপালে কয় যে, “দৃষ্টান্তমূলক ৱাৰেণ্টীৰ সৈতে অতুলনীয় গুণগত মানদণ্ডক সমৰ্থন কৰাটো আমাৰ প্ৰতিশ্ৰুতি – যাৰ ফলত পৰিয়ালসমূহক আত্মবিশ্বাসী ৰং নিৰ্বাচন কৰাৰ ক্ষমতা প্ৰদান কৰে।”

ভাৰতৰ ঘৰৰ আৱাসী বা গৰাকীসকলে এতিয়া ১৭টা ডুলাক্স সামগ্ৰী সামৰি লোৱা এক বিশাল ৱাৰেণ্টি প্ৰগ্ৰেমৰ সৈতে এক চিন্তামু ৰঙৰ অভিজ্ঞতা উপভোগ কৰিব পাৰে, যাৰ ভিতৰত আছে আভ্যন্তৰীণ আৰু বাহ্যিক ইমালচন আৰু ডুলাক্স একুৱাটেক ৱাটাৰপ্ৰুফিং সমাধান। ই কভাৰেজ ১৫ বছৰলৈকে থাকে আৰু ৰং এৰাই গ’লে বা বিৱৰ্ণ হৈ পৰিলে আকজো নোবেল ইণ্ডিয়াই সলনি কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *