আইচিআইচিআইৰ ‘ফেষ্টিভ বোনাঞ্জা’ই গ্ৰাহকসকলক আকৰ্ষণীয় ৰেহাই আৰু কেছবেক প্ৰদান কৰিছে

আইচিআইচিআই বেংকে ফেষ্টিভ ছিজনত গ্ৰাহকসকলক কেছবেক আৰু ৰেহাই প্ৰদানৰ বাবে ‘ফেষ্টিভ বোনাঞ্জা’ মুকলি কৰিছে। বেংকটোৱে বিভিন্ন শ্ৰেণীত অফাৰ আগবঢ়াইছে, যাৰ ভিতৰত আছে ইলেক্ট্ৰনিকছ, মোবাইল, ফেশ্বন, ভ্ৰমণ, ডাইনিং আৰু বহুতো। বেংকটোৱে দ্য বিগ বিলিয়ন ডে’জত বিক্ৰীৰ বাবে ফ্লিপকাৰ্ট, বিগ ফেশ্বন ফেষ্টিভেলত বিক্ৰীৰ বাবে মিণ্ট্ৰা আৰু গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত বিক্ৰীৰ বাবে আমাজনৰ সৈতে অংশীদাৰিত্ব কৰিছে।

এই অফাৰসমূহৰ ভিতৰত আছে ফ্লিপকাৰ্ট, মিণ্ট্ৰা, আমাজন আৰু টাটা ক্লিকৰ দৰে প্ৰধান ই-কমাৰ্চ প্ৰতিষ্ঠানৰ সৈতে অনলাইন শ্বপিঙত ১৫% পৰ্যন্ত ৰেহাই। ইলেক্ট্ৰনিক্স সামগ্ৰীসমূহৰ ক্ষেত্ৰত আগশাৰীৰ ইলেক্ট্ৰনিক্স ব্ৰেণ্ডবোৰে ২৬,০০০ টকালৈকে কেছবেক আগবঢ়াইছে, ব’ছে ১০% ৰেহাই প্ৰদান কৰিছে আৰু জেবিএলে ২৫% ইনষ্টেণ্ট কেছবেক প্ৰদান কৰিছে। মোবাইল ফোনতো আকৰ্ষণীয় ৰেহাই আৰু অফাৰসহ ইএমআইত আইফোন15 মাত্ৰ ২,৪৯৭ টকাৰ পৰাই আগবঢ়াইছে। ফেশ্বন সামগ্ৰীৰ ক্ষেত্ৰত আগশাৰীৰ ফেশ্বন ব্ৰেণ্ডসমূহে ১০%লৈকে অফাৰ আগবঢ়াইছে, ভ্ৰমণৰ ক্ষেত্ৰত বিভিন্ন ব্ৰেণ্ড যেনে মেক মাইট্ৰিপ, যাত্ৰা, ক্লিয়াৰট্ৰিপ, ইজ মাইট্ৰিপে আৰু খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত জমেট’, চুইগি, ইজি ডাইনাৰ আৰু মেকডনাল্ডছত ডাইনিং ৰেহাই, মনোৰঞ্জনৰ ক্ষেত্ৰত চনিলিভৰ বাৰ্ষিক সদস্যতা আৰু চিনেপলিছ চলচ্চিত্ৰ টিকটত অফাৰ আৰু আচবাব আৰু গৃহ সজ্জাক্ষেত্ৰত পেপাৰফ্ৰাই, আৰ্বান লেডাৰ আৰু ডুৰফ্লেক্সৰ দৰে ব্ৰেণ্ডত ১০%পৰ্যন্ত ৰেহাই প্ৰদান কৰিছে।

নতুন পদক্ষেপৰ বিষয়ে সদৰি কৰি আইচিআইচিআই বেংকৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ ঝাই কয় যে, “আমি ‘ফেষ্টিভ বোনাঞ্জা’ মুকলি কৰি আনন্দিত হৈছো য’ত আমাৰ গ্ৰাহকসকলৰ বাবে বহুতো অফাৰ, ৰেহাই আৰু কেছবেক অন্তৰ্ভুক্ত আছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *