আইআইটি কানপুৰ আৰু কোটাক মহিন্দ্ৰা বেংকৰ কোটাক স্কুল অৱ চাষ্টেনেবিলিটী মুকলিৰ কথা ঘোষণা

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ (আইআইটিকে) আৰু কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (কেএমবিএল) ভাৰতৰ বহনক্ষমতাৰ প্ৰথমখন সম্পূৰ্ণ সংহত বিদ্যালয় কোটাক স্কুল অৱ চাষ্টেনেবিলিটী মুকলি কৰিছে।এই  বিদ্যালয়খনৰ উদ্দেশ্য হৈছে আমাৰ অস্তিত্বৰ প্ৰতি গোলকীয় উষ্ণতাৰ ভাবুকি, প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণ আৰু জৈৱবৈচিত্ৰ্যৰ ক্ষতিৰ সৈতে মোকাবিলা কৰা। বিদ্যালয়খনক নিজৰ চিএছআৰ কাৰ্যসূচীৰ জৰিয়তে কেএমবিএলৰ দ্বাৰা পুঁজি যোগান ধৰা হ’ব, বংশানুক্ৰমিক শিক্ষা, গৱেষণা আৰু আউটৰিচ(প্ৰসাৰ)ৰ প্ৰচাৰ কৰা হ’ব। বিদ্যালয়খনে বনহমক্ষতাৰ একাধিক দিশত সহযোগিতামূলক গৱেষণাৰ বাবে এক সক্ষম পৰিৱেশ প্ৰদান কৰিবলৈ আইআইটি কানপুৰৰ বিভাগ আৰু উৎকৰ্ষ কেন্দ্ৰসমূহক একত্ৰিত কৰিব।

কোটাক স্কুল অৱ চাষ্টেনেবিলিটীত স্বচ্ছ শক্তি, পৰিৱেশ, পৰিৱেশ বিজ্ঞান, বৃত্তাকাৰ অৰ্থনীতি, জলবায়ু বিত্ত, বহনক্ষম সমাজ আৰু নীতি আদিৰ দৰে বিভিন্ন দিশসমূহ সামৰি সমৰ্পিত কেন্দ্ৰ থাকিব। এই বিদ্যালয়খনৰ নেতৃত্ব প্ৰদান কৰিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ অধ্যাপক আৰু উদ্যোগৰ অগ্ৰণী বিশেষজ্ঞসকলে।

ইয়াত বহনক্ষমতাৰ বিভিন্ন বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ শৈক্ষিক আৰু দক্ষতা গঠন কাৰ্যসূচীও থাকিব। এই বিদ্যালয়খন আইআইটি কানপুৰৰ মূল চৌহদৰ এক সেউজ অট্টালিকাত স্থাপন কৰা হ’ব, যাক প্লেটিনাম ৰেটিং দিয়া হ’ব আৰু শক্তি, পানী আৰু আৱৰ্জনা আদিৰ ওপৰত নেট জিৰ’ প্ৰথা অৱলম্বন কৰা হ’ব। ভাৰতৰ কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কোটাক স্কুল অৱ চাষ্টেনেবিলিটী প্ৰতিষ্ঠাত অৰিহণা যোগোৱাৰ বাবে কোটাক মহিন্দ্ৰ বেংকক উচ্চ প্ৰশংসা কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *