উগ্ৰপন্থীৰ দ্বাৰা অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত। জিলাখনৰ পুমাওৰ পৰা ১০ জন এন এছ চি এন (কে-ৱাই) উগ্ৰপন্থীয়ে পথ নিৰ্মাণৰ লগত জড়িত থকা ৩ শ্ৰমিকক অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অপহৃত ৩ জন শ্ৰমিকৰ ভিতৰত আছে এজন অৰুণাচলৰ এজন অসমৰ আৰু এজন বিহাৰৰ শ্ৰমিক।
খবৰ মতে, উগ্ৰপন্থীসকলে শ্ৰমিকসকলৰ পৰা তেওঁলোকৰ শিবিৰৰ কাষৰ পৰা মোবাইল ফোন আৰু বাহনৰ চাবি কাঢ়ি লৈছিল।যাৰবাবে কৰ্মীসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ কেইবা কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। ইফালে নিৰাপত্তা বাহিনীয়ে অপহৃত লোকসকলক বিচাৰি উলিয়াবলৈ এটা বৃহৎ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।