অসুস্থ ছোনীয়া গান্ধী! হাস্পতালত ভৰ্তি…

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীক বৃহস্পতিবাৰে দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি।

ব্ৰংকাইটিছৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। অৱশ্যে এতিয়া তেওঁৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয়খনে এক বিবৃতিত প্ৰকাশ কৰিছে।

চিকিৎসালয়খনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কালি ৭৬ বছৰীয়া ছোনীয়া গান্ধীক ভৰ্তি কৰোৱা হৈছিল আৰু এতিয়া সুস্থিৰ হৈ পৰিছে।

ছাৰ গংগা ৰাম হাস্পতালৰ ট্ৰাষ্ট ছ’চাইটিৰ অধ্যক্ষ ডি এছ ৰাণাই কয় যে বুকুৰ চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা অৰূপ বসু আৰু তেওঁৰ দলৰ তত্বাৱধানত ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাইৰাছজনিত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ বাবে একেখন চিকিৎসালয়তে ভৰ্তি হোৱাৰ পিছত ২০২৩ চনত দ্বিতীয়বাৰৰ বাবে ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *