অভিযান্ত্ৰিকত ডিগ্ৰী লাভ কৰা অসমৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন “অসম মহিলা অভিযন্তা সংস্থা”ৰ( WEFA )ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত বিয়লি এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় । বক্তৃতানুষ্ঠানত “মহিলাৰ ওপৰত অত্যাচাৰ আৰু ইয়াৰ অৰ্থনৈতিক মীমাংসা” বিষয়ক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বক্তৃতানুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰে মহিলা সংগঠক আৰু নৰ্থ ইষ্ট নেটৱৰ্কৰ সঞ্চালক অনুৰীতা পাঠক হাজৰিকাই । অনুষ্ঠানত গুৱাহাটীৰ গাৰ্লছ পলিটেকনিক , তাৰিণী চৰণ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰায় ৫০ গৰাকীৰো অধিক ছাত্ৰীয়ে ভাগ লয় । আনহাতে এই উপলক্ষে সংস্থাৰ যুটীয়া সম্পাদিকা গীতাঞ্জলি কাকতিয়ে আয়ুক্ত ধৰা অনুষ্ঠানত অনুৰীতা পাঠক হাজৰিকাই বক্তৃতানুষ্ঠানৰ বিষয় বস্তুৰ ওপৰত বিশদ বাখ্যা আগবঢ়াই আৰু কয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ হলে নাৰী সকল সকলো দিশতে সৱলীকৰণ হবই লাগিব । আনকি এল চি ডি প্ৰজেক্টৰৰ সহায়ত হাজৰিকাই নাৰী তথা মহিলা , যুৱতী সকলৰ আত্মনিয়ন্ত্ৰণ , অধিকাৰ , কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্নজনে সমস্যা , যৌন নিৰ্যাতনকে ধৰি নাৰীৰ বিৰুদ্ধে হোৱা বা হব পৰা অপৰাধ আদি প্ৰদৰ্শন কৰে । অনুষ্ঠানত সংস্থাৰ প্রতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱা , সম্পাদিকা ৰেখা মজুমদাৰকে ধৰি সংস্থাৰ জন্মলগ্নৰ লগত জড়িত কেবাগৰাকী প্ৰতিষ্ঠাপক কৰ্মকর্তা , সদস্যক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত সংস্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়া , সম্পাদিকা অন্তৰা বৰুৱা , প্ৰাক্তন কৰ্মকর্তা নয়ন ভাণ্ডাৰী শৰ্মা , মহিলা সংগঠক সুৰীয়া জাহানকে ধৰি কেবাগৰাকী বিশিষ্টা মহিলা , মহিলা সৱলীকৰণৰ হকে কাম কৰি অহা কেবাগৰাকী নেত্ৰী উপস্থিত থাকে ।