মহানগৰীৰ গণেশপাৰাস্হিত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয় আৰু মেমৰী ক্ৰাফটৰ উদ্যোগত ২০ আৰু ২১ জুলাইত সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আৰু ২৩ জুলাইত জিলা পুথি ভঁৰালৰ প্ৰেক্ষাগৃহত ’প্ৰতিধ্বনি ২০২৩,চতুৰ্থ বৰ্ষ’ শীৰ্ষক সদৌ অসম ভিত্তিত গীত,নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷২০০০ চনৰ আগৰ পুৰণি অসমীয়া বোলছবিৰ গীতৰ প্ৰতিযোগিতা,অসমীয়া গীতৰ ওপৰত আধাৰিত সৃষ্টিমূলক একক আৰু দলীয়া নৃত্য প্ৰতিযোগিতা,১৬ বছৰ বয়সৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে।সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীনা দাসৰ পৰিচালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে অসমৰ স্বনাম ধন্য সঙ্গীতশিল্পী মণীষা হাজৰিকাই।অনুষ্ঠানত উপস্থিত থাকে নাট্যচাৰ্য পখিলা কলিতা,১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী,সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালক সোনেশ্বৰ দাস,বাদ্যশিল্পী নিৰ্মল দাস,প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰ,গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ সভাপতি লংকেশ্বৰ ডেকা,সম্পাদক গকুল বৰুৱা,উমেশ চন্দ্ৰ ভাগৱতী,নৱপ্ৰসাদ শৰ্মা,জনসেৱা সঁচা মানুহ বিচাৰিৰ সম্পাদক নুৰুল হক আহমেদ আদি গণ্য মান্য কেইবাজনো ব্যক্তি৷অনুষ্ঠানৰ সম্পাদক কস্তুৰী কাশ্যপ আৰু মৃণাল দাসে আঁত ধৰা অনুষ্ঠানত ’সাধনা বঁটা -২০২৩’ প্ৰদান কৰা হয় বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ গুৰু জিতেন বসুমতাৰী, সত্ৰীয়া সংস্কৃতি তথা নৃত্যৰ গুৰু আনন্দ মুক্তিয়াৰ আৰু চিত্ৰকলাৰ সাধক তথা গুৰু যুগান্ত শৰ্মাক।অনুষ্ঠানত সন্ধিয়াৰ ভাগত বঁটা বিতৰণীৰ লগতে সাংস্কৃতিক অনুষ্ঠানত গীত- মাত,নৃত্যৰে উপস্হিত ৰাইজক আমোদ দিয়ে৷