অসম কাবাডী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ  প্ৰথমখন কাৰ্যনিৰ্বাহ সভা সম্পন্ন

অসমৰ কাবাডীয়ে এতিয়া নতুন ৰূপ লোৱাৰ পথত আগবাঢ়িছে।এইবাৰ অসমৰ কাবাডীক আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজে দায়িত্ব প্ৰদান কৰিছে যুৱ ক্ৰীড়া সংগঠক আলোক ত্ৰিপাঠীক।নতুন কমিটিয়ে দায়িত্বভাৰ লোৱাৰ পিছত অসম কাবাডী সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত নেহেৰু ষ্টেডিয়ামত বুধবাৰে প্ৰথমখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। সভাত অসমৰ কাবাডীৰ প্ৰদৰ্শন উন্নতমানৰ কৰি তোলাৰ লগতে কাবাডী খেলুৱৈ সকলৰ সম্পৰ্কত বিভিন্ন দিশ আলোচনা কৰা হয়। এতিয়াৰে পৰা অনুষ্ঠিত হ’বলগীয়া কাবাডী প্ৰতিযোগিতাসমূহত কোনো বহিঃৰাজ্যৰ খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্ব কৰি নোৱাৰিব বুলি সভাত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অসম কাবাডী সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠীয়ে। আনহাতে এই সভাত সভাপতিৰ আসন অলংকৃত কৰা ভুৱনেশ্বৰ কলিতাই ‘কাবাডী খেলৰ জৰিয়তে সমাজখনক আমি কিদৰে আগুৱাই নিব পাৰিম,সেই উদ্দেশ্য আগত ৰাখি আমি নতুন পৰিকল্পনা হাতত লব লাগে বুলি সভাত মন্তব্য প্ৰকাশ কৰে। আজি অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত সভাপতি-সম্পাদকৰ লগতে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কো‍ঁৱৰ,অসম অলিম্পিক সন্থাৰ উপ-সভাপতি বিষ্ণুৰাম নুনিছা,অসম কাবাডী সন্থাৰ কাৰ্যকৰী সভাপতি আবেদুৰ ৰহমানকে প্ৰমুখ্য কৰি সন্থাৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *