শনিবাৰে নিশা বনকৰ্মীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় এজন সন্দেহযুক্ত চোৰাং চিকাৰী।
অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ছাফাপানী এলেকাত সংঘটিত হয় এই ঘটনা।
নিহত লোকজনৰ নাম পুনেশ্বৰ স্বৰ্গিয়াৰী বুলি জানিব পৰা গৈছে।
ইফালে বনকৰ্মীয়ে সন্দেহযুক্ত চোৰাং চিকাৰীজনৰ পৰা বিভিন্ন আপত্তিজনক সামগ্ৰী আৰু গছ কটা মেচিন জব্দ কৰিছে।
মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।