অসমত কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ ১৬.৮ শতাংশ! উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ যুক্তিযুক্ততা ব্যক্ত কৰি কয় যে অসমত কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ হৈছে ১৬.৮%। এয়া যথেষ্ঠ উদ্বেগজনক বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

যোৱা বছৰ (জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ) পঞ্জীয়ন হোৱা ৬.২ লাখ গৰ্ভৱতী মহিলাৰ ভিতৰত তেওঁ কয় যে ১.০৪ লাখ গৰ্ভৱতী মহিলাৰ ভিতৰত ১৬.৮% কিশোৰী গৰ্ভধাৰণ। আৰ চি এইচ পৰ্টেলৰ তথ্যৰ পৰিসংখ্যাৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয় যে ১৯ বছৰ বা তাৰ আগতে তেওঁলোক গৰ্ভৱতী হৈছিল।

কিশোৰী গৰ্ভধাৰণৰ অনুপাত ২৮.৭% লৈ চাৰ্টত শীৰ্ষস্থান দখল কৰিছে বৰপেটা জিলাই। ধুবুৰী আৰু দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলাৰ সংশ্লিষ্ট পৰিসংখ্যা ক্ৰমে ২৭.৯% আৰু ২৪.১%। তিনিওখনেই নামনি অসমৰ সংখ্যালঘু বসতিপ্ৰধান জিলা।

“বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ এই অভিযান জনস্বাস্থ্য আৰু জনকল্যাণৰ বাবে কাৰণ অসমত কিশোৰীৰ গৰ্ভধাৰণৰ অনুপাত যথেষ্ট আতংকজনক – ১৬.৮%। আমি আমাৰ উদ্দেশ্য পূৰণ নকৰালৈকে এই অভিযান অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ৷ এই ক্ষতিকাৰক ধাৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ সৈতে সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনাইছো।’- মুখ্যমন্ত্ৰীয়ে টুইটত কয়।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *