অসংযত অৱস্থাত ধৰা পৰাৰ পিছতে কিশোৰী আৰু সংগীত শিক্ষকক গণপ্ৰহাৰ! গ্ৰেপ্তাৰ

শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিহাৰৰ বেগুছৰাই জিলাত অসংযত অৱস্থাত ধৰা পৰাৰ পিছতে এগৰাকী কিশোৰী আৰু এজন লোকক কাপোৰ খুলি তিনিজন লোকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এই কাণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে, য’ত তিনিজন ব্যক্তিয়ে কিশোৰীগৰাকী আৰু লোকজনক আক্ৰমণ কৰি কাপোৰ খুলি পেলোৱা দেখা গৈছে।

লোকজনক সংগীত শিক্ষক হিচাপে চিনাক্ত কৰা হৈছে আৰু তেওঁৰ বয়স প্ৰায় ৪০ বছৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ‘আমি ভুক্তভোগীয়ে দিয়া বক্তব্যৰ ভিত্তিত সংগীত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছো। যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইন, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, তথ্য প্ৰযুক্তি (আই টি) আইনৰ ধাৰা ৬৭বি আৰু আই পি চি (যৌন অপৰাধ)ৰ ধাৰা ৩৭৬ৰ প্ৰাসংগিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।’-বেগুছৰাইৰ আৰক্ষী অধীক্ষক যোগেন্দ্ৰ কুমাৰে এইদৰে কয়।

কিশোৰীগৰাকী আৰু অভিযুক্তক আক্ৰমণ কৰা তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী চলোৱা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই কাণ্ড বৃহস্পতিবাৰে সংঘটিত হৈছিল।

‘আৰক্ষীয়ে ভিডিঅ’টো পৰীক্ষা কৰি আছে আৰু ফৰেনছিক পৰীক্ষাৰ বাবে সেই স্থানৰ পৰা উদ্ধাৰ হোৱা লোক দুজনৰ কাপোৰ আৰু অন্যান্য প্ৰমাণো প্ৰেৰণ কৰিছে।’- কুমাৰে কয়। এই গোচৰৰ তদন্তৰ বাবে এগৰাকী জ্যেষ্ঠ মহিলা আৰক্ষী বিষয়াৰ তত্বাৱধানত এটা দল গঠন কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, ‘ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাও চলি আছে। তাইৰ বক্তব্যও দণ্ডাধীশৰ আগত লিপিবদ্ধ কৰা হ’ব।”

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *