ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এছেজ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ দলত অভিজ্ঞ অপেনাৰ ডেভিদ ৱাৰ্ণাৰক অন্তৰ্ভূক্ত কৰা হৈছে। আনহাতে তেওঁ ভাৰতৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সম্ভাৱ্য খেলুৱৈসকলৰ ভিতৰত আছে। ভাৰত ভ্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত টেষ্ট ক্ৰিকেটত ৩৬ বছৰীয়া ৱাৰ্ণাৰৰ ভৱিষ্যতক লৈ জল্পনা-কল্পনা চলি আছিল। তেওঁ ভাৰতত বেছিভাগ টেষ্ট শৃংখলা খেলিব নোৱাৰিলে কিন্তু সীমিত অভাৰৰ শৃংখলালৈ উভতি আহিছে।ৱাৰ্ণাৰৰ উপৰিও অপেনাৰ মাৰ্কাছ হেৰিছ আৰু মেট ৰেনশ্ব’ক পাঁচখন টেষ্ট মেচৰ বাবে অষ্ট্ৰেলিয়াৰ ১৭ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে, আনহাতে উছমান খাৱাজাও দলটোত স্থান লাভ কৰিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াই কৈছে যে ৭ জুনৰ পৰা ওভালত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ২৮ মে’ত ১৫ জনীয়া দল বাছনি কৰা হ’ব। অষ্ট্ৰেলিয়ান দল: পেট কামিন্স (অধিনায়ক), স্কট বোলেণ্ড, এলেক্স কৰি, কেমেৰুন গ্ৰীণ, মাৰ্কাছ হেৰিছ, জছ হেজলউড, ট্ৰেভিছ হেড, জছ ইংগলিছ, উছমান খাৱাজা, মাৰ্নাছ লাবুচাগনে, নাথান লিয়ন, মিচেল মাৰ্শ, টড মাৰ্ফি, মেথিউ ৰেনশ্ব, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, ডেভিড ৱাৰ্ণাৰ।
অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিদ ৱাৰ্ণাৰ
