অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ ডিফেণ্ডিং চেম্পিয়ন ৰাফেল নাডাল

চেম্পিয়ন ৰাফেল নাডাল অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হৈছে। তেওঁ প্ৰতিযোগিতাখনৰ দ্বিতীয় ৰাউণ্ডত পোনপটীয়া ছেটত পৰাজিত হৈ বছৰৰ প্ৰথম গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেকেঞ্জি মেকডনাল্ডে নাডালক ৬-৪, ৬-৪, ৭-৫ ত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়। মেকডনাল্ডে এই বছৰৰ প্ৰথম গ্ৰেণ্ড শ্লেমত শীৰ্ষ স্থানপ্ৰাপ্ত নাডালৰ বিৰুদ্ধে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ খেল জিকিবলৈ সক্ষম হয়। আমেৰিকান খেলুৱৈজনে এই খেলখনত এটা সুন্দৰ আৰম্ভণি কৰে আৰু প্ৰথম ছেটৰ পৰাই ভাল ফৰ্মত দেখা যায়। যদিও আৰম্ভণিতে নাদালো ভাল ফৰ্মত আছিল, তেওঁ খেলখনৰ মাজভাগত আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ ফৰ্মত অৱনতি ঘটে। ইয়াৰ সুযোগ লৈ আমেৰিকান খেলুৱৈজনে প্ৰতিযোগিতাখনত বৃহৎ জয় লাভ কৰে। ২০২২ চনত অষ্ট্ৰেলিয়ান অ’পেন জয় কৰা নাডালে যোৱা সাত বছৰত ভিতৰত এইখন যিকোনো গ্ৰেণ্ড শ্লেমত তেওঁৰ আটাইতকৈ বেয়া প্ৰদৰ্শন। ৩৬ বছৰীয়া নাডালে এই খেলখনৰ সময়ত পিঠিৰ আঘাতৰ সৈতে যুঁজি আছিল। এই কাৰণে, তেওঁ বিৰতি ল’ব লগা হৈছিল। নাডালে অলপ বিৰতিৰ পিছত ক’ৰ্টলৈ উভতি আহে, কিন্তু তেওঁ পূৰ্বৰ ফৰ্মত উপনীত হোৱা নাছিল আৰু তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই খেলখনৰ সময়ত, নাডালে নিৰন্তৰ সংগ্ৰাম কৰি আছিল আৰু তেওঁক ক’ৰ্টত সংগ্ৰাম কৰা দেখি, তেওঁৰ পত্নী মাৰিয়া ফ্ৰান্সিস্কাইও কান্দিবলৈ আৰম্ভ কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *