চেমচাং ইণ্ডিয়াই নিজৰ সৰ্ববৃহৎ উৎসৱ বিক্ৰী ‘ফেব গ্ৰেব ফেষ্ট’ মুকলি কৰিছে, এই ফেষ্টিভ ছেলত স্মাৰ্টফোন, টেবলেট, লেপটপ, আনুষংগিক সামগ্ৰী, ৱেয়াৰেবল সামগ্ৰী, টিভি, ডিজিটেল সঁজুলি আৰু স্মাৰ্ট মনিটৰকে ধৰি বিভিন্ন চেমচাং সামগ্ৰীৰ ওপৰত আকৰ্ষণীয় ৰেহাই আগবঢ়াইছে। এই বিক্ৰী সমগ্ৰ Samsung.com, চেমচাং এক্সক্লুছিভ ষ্ট’ৰ আৰু চেমচাং শ্বপ এপত উপলব্ধ হ’ব।
এই ‘ফেব গ্ৰেব ফেষ্ট’ৰ সময়ত চেমচাঙে গেলেক্সি স্মাৰ্টফোন, টেবলেট,এক্সেচৰিজ(আনুষঙ্গিক সামগ্ৰী) আৰু ৱেয়াৰেবল সামগ্ৰীত ৪১% ৰেহাই আৰু এইচডিএফচি, আইচিআইচিআই আৰু অন্যান্য আগশাৰীৰ বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডত ২০%লৈকে কেছবেক লাভ কৰিব পাৰে। নতুন গেলেক্সি লেপটপ ৰেঞ্জ ৩৬% পৰ্যন্ত ৰেহাই দামত উপলব্ধ, আগশাৰীৰ বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডত ২০% কেছবেক।
এই ফেষ্টিভ চেলত চেমচাং টিভিত ৫৪% পৰ্যন্ত ৰেহাই, ডিজিটেল সঁজুলিত ৪০% পৰ্যন্ত ৰেহাই, আৰু গেলেক্সি জেড ছিৰিজ, এছ ছিৰিজ আৰু এ ছিৰিজৰ স্মাৰ্টফোনৰ নিৰ্বাচিত মডেলত নিশ্চিত বাইবেকৰ সৈতে ৭০% পৰ্যন্ত পুনৰ বিক্ৰীৰ মূল্য(ৰিচেল ভেল্যু)ও অন্তৰ্ভুক্ত কৰা হৈছে। এই বিষয়ে ছেমছাং ইণ্ডিয়াৰ ডি টু চি বিজনেছৰ জ্যেষ্ঠ সঞ্চালক সুমিত ৱালিয়াই কয় যে, “যিসকলে এই দীপাৱলীত পৰিৱৰ্তন আনিব বিচাৰে, তেওঁলোকে Samsung.com আৰু চেমচাং এক্সক্লুছিভ ষ্ট’ৰত উপলব্ধ স্পেচিয়েল সংস্কৰণৰ যিকোনো ৰঙৰ পৰা বাছি লৈ ইয়াক এক্সট্ৰা স্পেচিয়েল কৰি তুলিব পাৰে।”