অন্ধ্ৰপ্ৰদেশত ভয়াবহ ৰে’ল দুৰ্ঘটনা! দুখন ৰে’লৰ সংঘৰ্ষত মৃত্যু ১৩ জন, আহত শতাধিক

দেওবাৰে অন্ধ্ৰ প্ৰদেশত দুখন ৰে’লৰ মাজত সংঘটিত হোৱা ব্যাপক সংঘৰ্ষত এতিয়ালৈকে ১৩ জন যাত্ৰীৰ মৃত্যু হৈছে। অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰম জিলাৰ কান্তকাপালি আৰু আলমাণ্ডা ষ্টেচনৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত শ শ যাত্ৰী আহত হৈছে।

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত ইষ্ট ক’ষ্ট ৰে’লৱেৰ চিপিআৰঅ’ বিশ্বজিৎ চাহুৱে কয় যে বৰ্তমানৰ পৰিসংখ্যা অনুসৰি ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৯ জন লোক আহত হৈছে।

তথ্য অনুসৰি একেটা ট্ৰেকতে ওড়িশালৈ অহা দুখন যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষ হৈছে। এই দুৰ্ঘটনাটোৰ অনুমান কৰিব পাৰি যে সংঘৰ্ষৰ পিছত যাত্ৰীবাহী ৰে’লৰ ডবাবোৰ সিঁচৰতি হৈ আনটো ট্ৰেকত পৰি যায়। একে সময়তে আনটো ট্ৰেকত অহা মালবাহী ৰেলখনে খুন্দা মাৰে যাত্ৰীবাহী ৰেলখনৰ ডবাবোৰ।

ইষ্ট ক’ষ্ট ৰে’লৱেৰ চিপিআৰঅ’ বিশ্বজিৎ চাহুৱে কয় যে এই উদ্ধাৰ অভিযানত এতিয়ালৈকে ১৪খন এম্বুলেন্স নিয়োগ কৰা হৈছে। দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে ৱালটেয়াৰৰ বিভাগীয় ৰে’লৱেৰ মেনেজাৰ সৌৰভ প্ৰসাদ আৰু ইষ্ট ক’ষ্ট ৰে’লৱেৰ অন্যান্য বিষয়াসকল। ভুৱনেশ্বৰ, বেৰহামপুৰ আৰু পালাছাতো হেল্পডেস্ক স্থাপন কৰা হৈছে।

লাভ কৰা তথ্য অনুসৰি বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী ৰেল নিৰ্ধাৰিত সময়ত বিশাখাপট্টনমৰ পৰা ৰাওনা হয়। একে সময়তে বিশাখাপট্টনম-ৰয়াগডা যাত্ৰীবাহী ৰে’লখন ১৫ মিনিটৰ অন্তত ৰাওনা হয়। কান্তকাপালি আৰু আলামণ্ডা ষ্টেচনৰ পৰা ২০০ মিটাৰ দূৰত্বত থিয় হৈ আছিল বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী ৰেল। ইফালে একেটা ট্ৰেকতে আহি থকা বিশাখাপট্টনম-ৰয়াগডা যাত্ৰীবাহী ৰে’লখন খুন্দা মাৰে। এই সংঘৰ্ষৰ বাবেই বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী ৰেলৰ দুটা ডবা ৰেলপথৰ পৰা ওলাই যায়। বিশাখাপট্টনম-ৰয়াগডা যাত্ৰীবাহী ৰেলৰ ইঞ্জিনো ৰেলপথৰ পৰা ওলাই যায়। লাভ কৰা খবৰ অনুসৰি এই পৰ্যন্ত ৬ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহত হৈছে।

দুৰ্ঘটনাটোৰ পিছত স্থানীয় ৰাইজে উদ্ধাৰ কামত লিপ্ত হয়, আনহাতে তথ্য পোৱাৰ লগে লগে উদ্ধাৰকাৰী দলটোও সেই স্থানত উপস্থিত হয়। নিশাৰ আন্ধাৰত অব্যাহত আছে উদ্ধাৰ অভিযান। উদ্ধাৰকাৰী দলটোৱে গুৰুতৰভাৱে আহতসকলক বিশাখাপট্টনম চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়ত ভৰ্তি কৰিছে। অন্ধ্ৰ প্ৰদেশ চৰকাৰেও সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰি আছে। এই দুৰ্ঘটনাটো ২ জুনত ওড়িশাৰ বালাসোৰ জিলাৰ বাহাংগা ৰেলৱে ষ্টেচনত সংঘটিত হোৱা দুৰ্ঘটনাৰ সৈতে মিল আছে। তাতো তিনিখন ৰে’লৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ২৫০ৰো অধিক যাত্ৰী নিহত হয়। জনা উচিত যে বিশাখাপট্টনমক ৱালটাইৰ আৰু বিজাগ বুলিও কোৱা হয়।

বিজিয়ানগৰ জিলা প্ৰশাসনৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি এই ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে ৪০ জন লোক আহত হৈছে, ইয়াৰে ৩২ জন লোকক ভিজিয়ানগৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বিশাখা প্ৰবাসী ভাৰতীয় চিকিৎসালয়ত ১ জন আৰু মেডিকভাৰ হাস্পতালত ২ জনক ভৰ্তি কৰোৱা হৈছে। চাৰিজন লোকৰ অৱস্থা সংকটজনক। আহত আটাইকেইজন অন্ধ্ৰ প্ৰদেশৰ।

ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱা পৰিয়ালক ১০ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকলক ২ লাখকৈ আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে।

একে সময়তে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে বিজিয়ানগৰ ৰেল দুৰ্ঘটনা। এই সাহায্য অন্ধ্ৰ প্ৰদেশৰ পৰা অহাসকলৰ বাবে। যিসকল লোকৰ মৃত্যু হৈছে আৰু অন্য ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ পৰিয়ালক ২ লাখ টকাকৈ দিয়া হ’ব। অন্ধ্ৰ প্ৰদেশৰ পৰা গুৰুতৰভাৱে আহত যাত্ৰীয়ে লাভ কৰিব ২ লাখ টকাকৈ আৰু আন ৰাজ্যৰ গুৰুতৰভাৱে আহত যাত্ৰীয়ে লাভ কৰিব ৫০ হাজাৰ টকা।

পিএমঅ’ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয়। পিএমঅ’ই কয় যে বিষয়াসকলে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে।

দুৰ্ঘটনাস্থলীত আন্ধাৰ হোৱাৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযানত অসুবিধাৰ সন্মুখীন হৈছে। সেই স্থানত উপস্থিত হৈছে বিভাগীয় ৰে’লৱেৰ প্ৰবন্ধক সৌৰভ প্ৰসাদ। তেওঁ কয় যে উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। ঘটনাস্থলীত উপস্থিত হৈছে এম্বুলেন্স আৰু দুৰ্ঘটনা সাহায্য ৰেল। দুৰ্ঘটনাস্থলীলৈও ৰাওনা হৈছে এন ডি আৰ এফৰ দলটো।

ৰে’ল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী নবীন পাটনাইকে। ইয়াৰ সমান্তৰালকৈ বিশেষ সাহায্য আয়ুক্ত আৰু ৰায়গাড়া আৰু কোৰাপুটৰ জিলা দণ্ডাধীশক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি বিষয়াসকলক দ্ৰুত উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছে। দুৰ্ঘটনা সন্দৰ্ভত ইষ্ট ক’ষ্ট ৰে’লৱেইও হেল্পলাইন নম্বৰ জাৰি কৰিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *