অ’এনজিচিৰ দৰে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ পুৰী

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে শিৱসাগৰত অ’এনজিচিৰ সমৰ্থনত নিৰ্মিত ছ্যু-কা-ফা চিকিৎসালয়খন উদ্বোধন কৰিলে। মুঠ ৪৮৩.১৯ কোটি টকা বিনিয়োগেৰে নিৰ্মিত মাল্টি-স্পেচিয়েলিটী হাস্পতালখনে বছৰি ১ লাখৰো অধিক ৰোগীক স্বাস্থ্যসেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ড০ বাবাছাহেব আম্বেদকাৰ বৈদ্যকিয়া প্ৰতিস্থান (বিএভিপি)ৰ দ্বাৰা ব্যৱস্থাপনা আৰু পৰিচালিত এই হাস্পতালখন ৩৫ একৰতকৈও অধিক ভূমিত বিস্তৃত আৰু ইয়াত ৩০০খন বিচনা আছে। ইয়াত বিভিন্ন চিকিৎসা সেৱা আগবঢ়োৱা হয়, যাৰ ভিতৰত আছে অৰ্থপেডিক, ট্ৰমা, পেডিয়াট্ৰিক আৰু এন আই চি ইউ, প্ৰসূতি, স্ত্ৰীৰোগ, ই এন টি, স্কাল বেছ অস্ত্ৰোপচাৰ, ফিজিঅ’থেৰাপী, পুনৰ সংস্থাপন(ৰিহেবিলিটেচন) আৰু উন্নত ৰোগ নিৰ্ণয় বা নিদান ইত্যাদি।


চিকিৎসালয়খনত মড্যুলাৰ অপাৰেচন থিয়েটাৰ, এটা ক্ৰিটিকেল কেয়াৰ (বিশেষ যত্ন) ইউনিট আৰু টেলিমেডিচিন আদিও উপলব্ধ, যিয়ে ৰোগী, অসুস্থ লোকসকলক দেশজুৰি বিশেষজ্ঞ স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে সংযোগ কৰে। অ’এনজিচিৰ ছ্যু-কা-ফা মাল্টি স্পেচিয়েলিটী হাস্পতাল হৈছে অসম আৰু আশে-পাশে থকা অঞ্চলৰ স্বাস্থ্যসেৱাৰ দৃশ্যপটত এক যুগান্তকাৰী সংযোজন, যাৰ ফলত সাধাৰণ লোকসকলে চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পায়। ইয়াৰ উপৰিও ই অঞ্চলটোৰ ভিতৰত নিয়োগ সৃষ্টি আৰু অৰ্থনৈতিক সুযোগ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে, “স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ প্ৰদান কৰা অ’এনজিচিৰ ছ্যু-কা-ফা চিকিৎসালয়ে অত্যাধুনিক চিকিৎসা আন্তঃগাঁথনিৰ জৰিয়তে কেৱল উজনি অসমতে নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ ক্ষমতাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *