ট্ৰেক্টৰ্ছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডে সমগ্ৰ ভাৰতত কৃষি আৰু গ্ৰাম্য উদ্যোগসমূহক ৰূপান্তৰিত কৰিব পৰা উদ্ভাৱনীমূলক ধাৰণাসমূহৰ ৰাষ্ট্ৰীয় অনুসন্ধান সম্প্ৰসাৰিত কৰি ‘মেচি ডাইনাষ্টাৰ প্ৰতিযোগিতা ২০২৬-#চবছেবড়েঅলৰাউণ্ডাৰ কি তালাছ’ৰ ছিজন ৩ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। পূৰ্বৰ দুটা সংস্কৰণৰ সফলতাৰ ওপৰত ভিত্তি কৰি তৃতীয় ছিজনটো সবাতোকৈ বৃহৎ ৰূপত আয়োজন কৰা হৈছে, এইবেলি কৃষক, উদ্যোগী, শিক্ষাৰ্থী, ষ্টাৰ্টআপ, শিক্ষাবিদ আৰু গ্ৰাম্য উদ্ভাৱকসকলক মেচি ফাৰ্গুছন ট্ৰেক্টৰ ব্যৱহাৰ কৰি মূল, ব্যৱহাৰিক ধাৰণা প্ৰদৰ্শন কৰিবলৈ সকলোকে আমন্ত্ৰণ জনোৱা হৈছে। এই ছিজনটোৱে কৃষি, আনুষংগিক কাৰ্য-কলাপ আৰু গ্ৰাম্য ব্যৱসায়ত যিকোনো মেচি ফাৰ্গুছন ট্ৰেক্টৰৰ দ্বাৰা চালিত উদ্ভাৱনক সুযোগ-স্বীকৃতি প্ৰদান কৰি পৰিসৰ বিস্তৃত কৰিব।
তালিকাভুক্ত অংশগ্ৰহণকাৰীসকলে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব আৰু উদ্যোগ বিশেষজ্ঞ আৰু টাফেৰ জ্যেষ্ঠ প্ৰতিনিধিসকলক লৈ গঠিত বিশেষজ্ঞ বিচাৰকৰ সন্মুখত তেওঁলোকৰ ধাৰণা উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব। বিজয়ীসকলে নগদ পুৰস্কাৰৰ লগতে প্ৰায় ৮.২ লাখ টকা মূল্যৰ মেচি ফাৰ্গুছন ২৫৪ ডাইনাস্মাৰ্ট ট্ৰেক্টৰ এখন লাভ কৰিব। অংশগ্ৰহণকাৰীসকলে ইংৰাজী বা যিকোনো ভাৰতীয় আঞ্চলিক ভাষাত ভিডিঅ ‘বা টেক্সট ফৰ্মেটত অনলাইন এণ্ট্ৰী কৰিব পাৰে। আৱেদনসমূহত কৃষি পদ্ধতি বৃদ্ধি, ব্যৱসায়ৰ সুযোগ সৃষ্টি অথবা সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি কৰা সম্ভৱপৰ প্ৰয়োগসমূহ প্ৰদৰ্শন কৰিব লাগিব। এই প্ৰতিযোগিতাখন ১৮ বছৰৰ ওপৰৰ ভাৰতীয় নাগৰিকৰ বাবে মুকলি, চূড়ান্ত প্ৰতিযোগীসকলে গ্ৰেণ্ড ফিনালে অনুষ্ঠানত নিজৰ নিজৰ ধাৰণাসমূহ উপস্থাপন কৰিব।
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মেছে ডাইনাষ্টাৰৰ দৰে পদক্ষেপসমূহ ক্ৰমান্বয়ে প্ৰাসংগিক হৈ পৰিছে, য’ত যান্ত্ৰিকীকৰণ, ক্ষুদ্ৰ অংশীদাৰ উদ্ভাৱন আৰু কৃষিভিত্তিক উদ্যমিতাই গতি লাভ কৰিছে। গুৱাহাটীৰ ডিলাৰ আৰু কৃষি-ইনপুট অংশীদাৰসকলে আশা কৰে যে প্ৰতিযোগিতাখনে স্থানীয় উদ্ভাৱকসকলক আঞ্চলিক শস্য, ভূখণ্ড আৰু উদীয়মান গ্ৰাম্য উদ্যোগৰ বাবে উপযুক্ত ট্ৰেক্টৰ-কেন্দ্ৰিক সমাধান অভিযোজিত কৰিবলৈ উৎসাহিত কৰিব। পঞ্জীয়ন আৰু বিশদ চৰ্তাৱলী অফিচিয়েল মেচি ফাৰ্গুছন ইণ্ডিয়া ৱেবছাইটত উপলব্ধ।
