ইন্ধনৰ নাটনিক লৈ অপপ্ৰচাৰ চলালে হ’ব জেল; উৰাবাতৰি বিয়পোৱা দুষ্কৃতিকাৰীক অসম আৰক্ষীৰ কঠোৰ সকীয়নী

ৰাজ্যত এলপিজি আৰু অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। ছচিয়েল মিডিয়াযোগে আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে কোনো দুষ্কৃতিকাৰীয়ে জনসাধাৰণৰ মাজত ত্ৰাস সৃষ্টি কৰিবলৈ ভুল তথ্য বিয়পালে তেওঁলোক আইনী পৰিণতিৰ সন্মুখীন হ’ব লাগিব। ৰাইজক এনে কোনো ভুৱা খবৰ বিশ্বাস নকৰিবলৈ আৰু তেনে পোষ্ট ফৰৱাৰ্ড নকৰিবলৈও আৰক্ষীয়ে আহ্বান জনাইছে।

মুখ্য সচিব ৰবি কোটাই ৰাজ্যৰ শোধনাগাৰসমূহক উৎপাদন বৃদ্ধিৰ নিৰ্দেশ দিয়াৰ পাছতে আৰক্ষীৰ এই বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে। ইন্ধনৰ নাটনিৰ উৰাবাতৰি ৰোধ কৰিবলৈ চৰকাৰে ইতিমধ্যে এক বিশেষ মিডিয়া মনিটৰিং কমিটী গঠন কৰিছে। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ পৰা পোৱা তথ্য অনুসৰি, বৰ্তমান ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ এলপিজি মজুত আছে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক।

কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ সৈতে অনুষ্ঠিত এক ভিডিঅ’ কনফাৰেন্সত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। ৰাজ্যৰ চাৰিওটা শোধনাগাৰক নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈ চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰী তথ্যমতে, উত্তৰ-পূৰ্বাঞ্চলত দৈনিক প্ৰায় ১.৯১ লাখ ঘৰুৱা চিলিণ্ডাৰৰ প্ৰয়োজন হয়, যাৰ ভিতৰত কেৱল অসমতে ব্যৱহাৰ হয় ১.৩৪ লাখ চিলিণ্ডাৰ।

প্ৰশাসনে ৰাইজক আতংকিত নহ’বলৈ অনুৰোধ জনাই কয় যে ইন্ধনৰ যোগান ব্যাহত হোৱাৰ কোনো আশংকা নাই। যিকোনো খবৰৰ বাবে কেৱল চৰকাৰী তথ্যৰ ওপৰতহে ভৰসা কৰিবলৈ আহ্বান জনোৱা হৈছে। ডিগবৈ, গুৱাহাটী, বঙাইগাঁও আৰু নুমলীগড় শোধনাগাৰে এই সংকটৰ সময়ত যোগান ব্যৱস্থা অটুট ৰাখিবলৈ সষ্টম হৈ আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *