ৰাজ্যৰ ৫,৬৯০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ চৰকাৰৰ; মুঠ চৰকাৰী চাকৰিৰ সংখ্যা ১.৬৪ লাখলৈ বৃদ্ধি

ৰাজ্যৰ শিক্ষা আৰু শক্তি বিভাগত নতুনকৈ নিৰ্বাচিত ৫,৬৯০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি নিযুক্তিৰ এক বৃহৎ লক্ষ্যত উপনীত হ’ল অসম চৰকাৰ। খানাপাৰাত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰাৰ লগে লগে বৰ্তমান চৰকাৰৰ কাৰ্যকালত মুঠ চৰকাৰী চাকৰি লাভ কৰা যুৱক-যুৱতীৰ সংখ্যা ১,৬৪,৩৫৯ গৰাকীলৈ বৃদ্ধি পালে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চাকৰিৰ লক্ষ্য অতিক্ৰম কৰি এই বৃহৎ সফলতাক চৰকাৰে এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰিছে।

নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত চৰকাৰী নিযুক্তিত যি দুৰ্নীতিৰ পৰিৱেশ আছিল, তাক বৰ্তমানৰ চৰকাৰে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। কেৱল মেধাৰ ভিত্তিত আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে এই ১.৬৪ লাখ নিযুক্তি প্ৰদান কৰা হৈছে বুলি তেওঁ দাবী কৰে। ২০২১-২০২৬ বৰ্ষৰ নিযুক্তি ছিজনৰ সামৰণি মাৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাজ্যৰ যুৱ প্ৰজন্মক চৰকাৰী পদক্ষেপৰ ওপৰত আস্থা ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আগন্তুক দিনবোৰতো কৰ্মসংস্থাপনৰ এই ধাৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। তেওঁ ঘোষণা কৰা অনুসৰি, ২০২৬ চনৰ পৰা ২০৩১ চনৰ কাৰ্যকালত ৰাজ্যত পুনৰ প্ৰায় দুই লাখ চৰকাৰী চাকৰিৰ সুযোগ সৃষ্টি কৰা হ’ব। এই সকলো নিযুক্তিও সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত হ’ব বুলি তেওঁ যুৱ সমাজক আশ্বাস প্ৰদান কৰে। চৰকাৰৰ এই দৃঢ়তাই এখন ‘বিকশিত অসম’ গঢ়াৰ পথ প্ৰশস্ত কৰিব বুলিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে।

চৰকাৰী সেৱাসমূহক অধিক শক্তিশালী কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে চলোৱা এই নিযুক্তি অভিযানে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। বিশেষকৈ শিক্ষা আৰু শক্তিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত একেলগে ইমান বৃহৎ সংখ্যক নিযুক্তি পত্ৰ বিতৰণ কৰা কাৰ্যই প্ৰশাসনীয় কাম-কাজত অধিক গতিশীলতা আনিব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত কেইবাজনো কেবিনেট মন্ত্ৰী আৰু চৰকাৰী উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *