অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া , প্ৰকৃতিপ্ৰেমী মহেন্দ্ৰ দাসৰ মৃ*ত্যু

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, প্ৰকৃতিপ্ৰেমী ব্যক্তি হিচাপে বিশেষ সুনাম থকা মহেন্দ্ৰ দাসৰ চিকিৎসাধীন অৱস্থাত আজি পুৱতি নিশা গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। ১৯৪৫ চনৰ ২৬ মে’ত শোণিতপুৰ জিলাৰ ৰাঙলিয়ান গাঁৱত জন্মগ্ৰহণ কৰা মহেন্দ্ৰ দাসে চাকৰি জীৱনৰ লগতে অৱসৰ গ্ৰহণ কৰাৰ পাছতো “এক বৃক্ষ দশ পুত্ৰ সম” নীতিৰ আধাৰত নিজৰ জন্মগাওঁ ৰাঙলিয়ান গাঁৱত পতিত মাটি, খালী হৈ থকা চৰকাৰী মাটি , পথৰ দাঁতিত ব্যাপক হাৰত গছপুলি ৰোপণ কৰি সাধাৰণ ৰাইজৰ লগতে বন বিভাগৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

একেদৰে জীৱ জন্তুৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে মৃত্যুৰ সময়ত তেওঁ পত্নী জিনু দাস, একমাত্ৰ পুত্ৰ  অসম অসামৰিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব খনীন্দ্ৰ দাস , বোৱাৰী তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব লখিমী দত্ত, দুজনী জীয়ৰী ক্ৰমে – অৰ্চনা দাস আৰু জোৎস্না দাস , জোঁৱাই, ভাতৃ, ভাই বোৱাৰীকে ধৰি বহু আত্মীয় – স্বজন এৰি থৈ যায়।

তেওঁৰ মৃত্যুত অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগু আৰু সাধাৰণ সম্পাদক ৰাহুল বৰাকে ধৰি বিভিন্ন দল – সংগঠন আৰু ব্যক্তিয়ে মহেন্দ্ৰ দাসৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *