এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছে বিশ্ব ফিজিঅ’থেৰাপি দিৱসত ট্ৰাক চালকৰ বাবে আয়োজন কৰে ফিজিঅ’থেৰাপি শিবিৰৰ

ভাৰতৰ আগশাৰীৰ এনবিএফচি এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছে নিজৰ চিএছআৰ কাৰ্যসূচী ট্ৰেন্সপৰ্ট আৰোগ্যম কেন্দ্ৰ (টিএকে)ৰ অংশ হিচাপে বিশ্ব ফিজিঅ’থেৰাপী দিৱসত সমাজৰ বাবে বিনামূলীয়া ফিজিঅ’থেৰাপী শিবিৰ আয়োজন কৰি ট্ৰাক চালকসকলৰ নিষ্ঠাক স্বীকৃতি দিয়ে।

এইচডিবিএফএছে ১৪খন ৰাজ্যৰ ৩৫টা প্ৰধান পৰিবহণ নগৰত ট্ৰাক চালকসকলক শাৰীৰিক সুস্থতা উন্নত কৰিবলৈ, নমনীয়তা বৃদ্ধি কৰিবলৈ, মূল পেশীসমূহ শক্তিশালী কৰিবলৈ আৰু বহি থকাৰ ফলত হোৱা আঘাত বা সমস্যাসমূহ প্ৰতিৰোধৰ বাবে বিনামূলীয়া ফিজিঅ’থেৰাপি শিবিৰ আগবঢ়াই আহিছে। এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ এছেট ফাইনেন্সৰ মুৰব্বী অজয় ঠাকুৰে কয় যে, “ট্ৰাকচালক পৰিয়ালৰ পৰা লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত এইচডিবিয়ে আগন্তুক বছৰবোৰত আৰু নতুন বহু ট্ৰাক চালকৰ ওচৰলৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু সামূহিকভাৱে ৰাজপথত এক স্বাস্থ্যকৰ আৰু অধিক আৰামদায়ক যাত্ৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত ল’ব।”

ট্ৰাক চালকসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিবহন কৰোতা, উদ্যোগ সংস্থা আৰু বেচৰকাৰী সংগঠনৰ সহযোগত শিবিৰসমূহ সম্পন্ন কৰা হয়। থেৰাপিষ্টসকলে এৰ্গোনোমিক ছিটিং, ষ্ট্ৰেচ(প্ৰসাৰিত হোৱা) আৰু ব্যায়ামৰ ওপৰত পৰামৰ্শ আগবঢ়ায়, যিয়ে স্বাস্থ্য সজাগতা বৃদ্ধি কৰে আৰু বিশ্ৰামৰ বাবে বিৰতিৰ পোষকতা কৰে। শিবিৰত ট্ৰাকচালকসকলক বিশেষ সঁজুলি ব্যৱহাৰ কৰি চিকিৎসা প্ৰদান কৰা হয় আৰু অনুসৰণমূলক সাক্ষাত(ফলও-আপ ভিজিট)ৰ বাবে উৎসাহিত কৰা হয়। এইচডিবিএফএছে টএকেৰ জৰিয়তে ৭০,০০০ৰো অধিক ট্ৰাক চালকৰ সৈতে যোগাযোগৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত ট্ৰাকচালকৰ জীৱনৰ মানদণ্ড উন্নত হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *